ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ নেওয়াজেছপুৰত আজি বিয়লি প্ৰায় ৩ বজাত এক অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। গাঁও খনৰ আশ্রাফুল ইছলাম নামৰ লোকজনৰ ঘৰত বিদ্যুৎ বিজুতি ঘটি সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত তেওঁৰ মাতৃৰ নামত থকা এটা চৰকাৰী আৱাস যোজনাৰ ঘৰ সহ তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। মহিলা জনীৰ দ্বিতীয় পুত্ৰৰ বিয়াৰ বাবে জমা কৰা নগদ ২ টকা আৰু আশ্রাফুলে আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে চৰকাৰী ভাবে আবন্টন পোৱা নগদ ৯০ হেজাৰ টকা সহ প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘৰত কোনো নথকা অৱস্থাত হঠাৎ বিদ্যুৎ বিজুতি ঘটি অগ্নিকাণ্ড সংঘটিত হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
লক্ষণীয় যে, এই অগ্নিকাণ্ড আৰম্ভ হোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। কিন্তু ভিতৰুৱা গাঁও খনত ৰাস্তা নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী গাঁও খনত ভিতৰত অহাৰ সুবিধা নথকাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ অপেক্ষাত নাথাকি ৰাইজে ধান খেতিত পানী দিয়াৰ বাবে ব্যবহৃত শ্বেল মেচিনৰ জৰিয়তে পানী ঢালি অগ্নি নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ ফলত আশ্ৰাফুল ইছলাম সৰ্বহাৰা হৈ পৰিছে। নিশা কটাবলৈ আশ্ৰাফুলৰ এখনো ঘৰ নথকাৰ লগতে ৰাতিৰ আহাৰৰ বাবেও হাতত এক টকাও নাই। মাতৃ, কণিষ্ট ভাতৃ সহ ৫ জনীয়া পৰিয়ালটোক ৰাইজে সহায় কৰাৰ দাবী জনাইছে ভূক্তভূগী পৰিয়ালটোই।