ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ কাঠডাঙ্গা মহুৰীৰচৰৰ পৰা আৰক্ষীয়ে যোৱা নিশা ৰজু শেখ নামৰ এজন পাকিস্তান সমৰ্থনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিছে। ১৯ বছৰীয়া যুৱক জনে পেহেলগামৰ ঘটনাৰ পাচত পাকিস্তানক সমৰ্থন কৰি নিজৰ RX_RAJU_01 নামৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে পাকিস্তানৰ পতাকা শ্বেয়াৰ কৰিছিল। দক্ষিণ শালমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত ৰজু নিজৰ অপৰাধ আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে। আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিছে। আজি দিনৰ ভাগত ৰাজুক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।