ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে মানকাচৰৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ পাৰত তীব্ৰ খহনীয়া আৰম্ভ হৈছে। বিশেষকৈ মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙ্গা এলেকাত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে কেইবাজনো কৃষকৰ কৃষি ভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে কোকৰাডাঙ্গাৰ এখন চৰকাৰী অমৃত সৰোৱাৰ পুখুৰীৰ কিছু অংশ জাহ গৈছে। পুখুৰী খনৰ কিছু অংশ এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগে লগে স্থানীয় ৰাইজে চৰকাৰী বিষয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছে। চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিবলৈ এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত নিম্নমানৰ কাম কৰি পুখুৰীখন নিৰ্মান কৰা হৈছিল বুলি একাংশই অভিযোগ তুলিছে। ভাৰত-বাংলাদেশ সীমান্ত পথৰ পৰা মাত্ৰ প্ৰায় ২০ মিটাৰ নিলগত খন্দা চৰকাৰী পুখুৰীটোৰ এটা পাৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগে লগে গোটেই পুখুৰী ব্ৰহ্মপুত্ৰ হৈ পৰিব। লগে লগে সীমান্ত সংযোগী পথলৈ তীব্ৰ ভাবুকি আহিব।
মানকাচৰ-বাংলাদেশ সীমান্ত সংযোগী পথটো যদি সঁচাকৈ ব্ৰহ্মপুত্ৰৰ কবলত পৰি ছিঙি যায় তেন্তে মানকাচৰৰ বিস্তীৰ্ণ এলেকা মুহুৰ্তৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। বৰ্তমান ভাৰত-বাংলাদেশ সীমান্ত সংযোগী পথটো মথাউৰী হিচাপে কাম কৰি আহিছে।
লক্ষণীয় যে, সীমান্ত সংযোগী পথটো ব্ৰহ্মপুত্ৰৰ কবলত পৰিলে সীমান্তৰ প্ৰায় ৩০ কিলোমিটাৰ কাঁইটীয়া তাৰৰ বেৰ সম্পূৰ্ণৰূপে ভাবুকিত পৰিব। সীমান্ত উন্মক হ’লে বাংলাদেশৰ পৰা দেশৰ নিৰাপত্তালৈ ভাবুকি আহিব। আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে সীমান্তত যেতিয়া কাঁইটীয়া তাৰৰ বেৰ নাছিল তেতিয়া উন্মক্ত সীমান্তয়েদি বাংলাদেশী দুস্কৃতিকাৰী মানকাচৰত প্ৰৱেশ কৰি বহু লোকৰ ঘৰত চুৰি ডকাইতিৰে অত্যাচাৰ কৰিছিল। নিশাৰ ভিতৰত প্ৰৱেশ কৰা দুস্কৃতিকাৰী পুৱতি নিশাৰ ভাগত পুনৰ বাংলাদেশলৈ উভতি যাবলৈ সক্ষম হৈছিল। এনে বহু ঘটনা আজিও মানকাচৰবাসীৰ মনত সাক্ষী হৈ আছে।
ব্ৰহ্মপুত্ৰৰ খহনীয়াত সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ জাহ গ’লে এনে ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি সীমান্তবৰ্তী গাঁৱৰ ৰাইজ এতিয়া শংকাত ভুগিছে।
কিছুবছৰ পূৰ্বে সীমান্ত সংযোগী পথৰ প্ৰায় ২০০ মিটাৰ ছিঙি যোৱাত মানকাচৰত হাহাকাৰৰ সৃষ্টি হৈছিল। পথটো পুনৰ নিৰ্মাণৰ লগতে খহনীয়া বন্ধ কৰিবলৈ মানকাচৰবাসীয়ে আমৰণ অনশনত বহিছিল। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে বাধ্য হৈ ছিঙি যোৱা সীমান্ত সংযোগী পথ মাত্ৰ তিনি মাহৰ ভিতৰত সম্পন্ন কৰি দিয়াৰ পাছত মানকাচৰ আৰু সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ ৰক্ষা পৰে। কিন্তু শেহতীয়াকৈ ব্ৰহ্মপুত্ৰই ধাৰণ কৰা কাল ৰূপে পুনৰ সীমান্ত সংযোগী পথৰ আন এটা স্থানত ভাবুকি কঢ়িয়াই আনিছে। সীমান্ত সংযোগী পথটো ছিঙিলে প্ৰথমে কেইটামান পৰিয়াল গৃহহীন হোৱাৰ পাছত দুখন চৰকাৰী বিদ্যালয়, এখন গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু বৰাইৰ আলগা বি এছ এফ কেম্প সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব।
ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ শেহতীয়া পৰিস্থিতিক লৈ স্থানীয় ৰাইজে তৎকালীন ভাৱে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে। চৰকাৰে তৎকালীন ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে এইবাৰ বাৰিষাৰ ভিতৰত সীমান্ত ৰক্ষা কৰাটো অসম্ভৱ হৈ পৰিব বুলি ৰাইজে দাবী কৰিছে।