Tuesday, June 17, 2025
Google search engine
গৃহদেশ-বিদেশমানকাচৰত ফ্ৰাঞ্চত নিৰ্মিত বেলুনযুক্ত এল.ই.ডি মেডিন উদ্ধাৰ

মানকাচৰত ফ্ৰাঞ্চত নিৰ্মিত বেলুনযুক্ত এল.ই.ডি মেডিন উদ্ধাৰ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ ফেকামাৰীত বিবেক আনন্দ চক্ৰৱৰ্তী নামৰ লোক এজনৰ ঘৰৰ চালিত যোৱা পৰহি নিশা এটা অচিনাকি বেলুনযুক্ত এল.ই.ডি যন্ত্ৰ ওলোৱাত লৈ ৰাইজৰ মাজত হুৱাধূৱাৰ সৃষ্টি হয়। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত নিশা প্ৰায় ৯ বজাত এই অদ্ভূত যন্ত্ৰটো আকাশৰ পৰা বিবেক আনন্দৰ ঘৰৰ চালিত পৰাৰ পাচত লোকজনে খাৰুৱাবান্ধা আৰক্ষীক খবৰ দিয়ে। লগে লগে খাৰুৱাবান্ধা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বেলনযুক্ত অদ্ভূত এল.ই.ডি যন্ত্ৰটো নিস্ক্ৰিয় কৰি জব্দ কৰে। আৰক্ষীয়ে বৰ্তমান যন্ত্ৰটোক লৈ তদন্ত চলাই আছে। এই যন্ত্ৰটো উদ্ধাৰ হোৱাৰ খবৰ জিলাখনত বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত হুৱাধুৱাৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে ইতিমধ্যে যন্ত্ৰটোক লৈ অনুসন্ধান চলাই আছে। লক্ষণীয় যে, যন্ত্ৰটোৰ ওপৰত Made in Freanch লিখা আছে। ফ্ৰাঞ্চত নিৰ্মিত যন্ত্ৰটো হঠাত মানকাচৰত আকাশৰ পৰা ঘৰৰ চালিত পৰাক লৈ পৰিয়ালটোৰ মাজতো আতংকৰ সৃষ্টি হৈছিল। এই যন্ত্ৰটো বতৰ বিজ্ঞানে বতৰৰ মাফ জোখৰ বাবে প্ৰেৰণ কৰে বুলি অনুমান কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments