ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ভাৰতীয় সেনাক সন্মান জনাই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বিজেপিয়ে কালি ‘ত্ৰিৰংগা যাত্ৰা’ শীৰ্ষক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। এই পদযাত্ৰাত বিজেপি কৰ্মী সকল অংশগ্ৰহন কৰি হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰতীয় সেনা জিন্দাবাদ, নৰেন্দ্ৰমোদী জিন্দাবাদ ধ্বনিৰে ভাৰতীয় সেনাক উতসাহিত কৰি তোলা পৰিলক্ষিত হয়। লক্ষণীয় যে, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা অপাৰেচন সেন্দুৰৰ সফলতা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে হাটশিঙিমাৰীত জিলা বিজেপিৰ উদ্যোগত এইদৰে ত্ৰিৰংগা পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই পদযাত্ৰাত জিলা সভাপতি ৰঞ্জিত কুমাৰ সাহা সহ বিজেপিৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা সকল উপস্থিত আছিল।