Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত নাও দূৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ আখৰা

মানকাচৰত নাও দূৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ আখৰা

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত আজি হাটশিঙিমাৰীৰ এছডিআৰএফ বাহিনীয়ে সুখচৰত ব্ৰহ্মপুত্ৰৰ মাজত নাও দূৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ ওপৰত এক ম’ক ড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰে। মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া জগদীশ ব্ৰহ্ম, দূৰ্যোগ ব্যৱস্থাপন কতৃপক্ষৰ জিলা প্ৰকল্প বিষয়া ৰেকেবুজ জাহান, ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলাম, হাটশিঙিমাৰী এছডিআৰএফৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিদীপ দাস সহ কেবাগৰাকী গাঁও প্ৰধানৰ উপস্থিতিত দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ কৰ্মী আৰু এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ মাজত নাও দূৰ্ঘটনা আৰু উদ্ধাৰৰ অভিযানৰ আখৰা কৰে। একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত কেম্প নিৰ্মাণ কৰি উদ্ধাৰ হোৱা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো আখৰা কৰা হয়। এই ম’ক ড্ৰিল কাৰ্যসূচীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজক জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ পৰা বানপানীৰ সময়ত সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনোৱা হয়। নাও দূৰ্ঘটনা বা বানৰ পানীত কোনো ব্যক্তি পৰিলে লগে লগে দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলামে ৰাইজক আহ্বান জনায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments