ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাচত মানকাচৰত পঞ্চায়তে পঞ্চায়তে সভাপতি বাচনিক লৈ নেতা আৰু নিৰ্বাচিত ওৱাৰ্ড মেম্বাৰৰ মাজত ঘোঁৰা কিনা বেচাৰ ৰাজনীতি আৰম্ভ হৈছে। বিশেকৈ গোটাবাৰী গাঁও পঞ্চায়ত কংগ্ৰেছ নেতা আব্দুছ ছালাম শ্বাহ নিৰ্বাচিত দুই ওৱাৰ্ড মেম্বাৰ অপহৰণ কৰি ৰখা বুলি সুখচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমান গোটাবাৰীত শ্বাহ পত্নী সভানেত্ৰী হোৱাৰ দৌৰত আছে। শ্বাহ পত্নীৰ সমৰ্থনত ৫ জন ওৱাৰ্ড মেম্বাৰ থকাৰ লগতে মনিৰুল ইছলামৰ সমৰ্থন আছে আন ৫ জন ওৱাৰ্ড মেম্বাৰ। মনিৰুল ইছলামৰ সমৰ্থনত থকা দুই ওৱাৰ্ড মেম্বাৰ অপহৰণ কৰাৰ বাবে বৰ্তমান গোটাবাৰী গাঁও পঞ্চায়তত সভাপতিৰ দৌৰত থকা দুই নেতাৰ সমান সমান সমৰ্থন হোৱাত পাঞ্চায়ত খন গঠন কৰাটো জটিল হৈ পৰিছে। জানিব পৰা মতে, দুয়োক সমান সমান মেম্বাৰে সমৰ্থন দিলে টচৰ জৰিয়তে সভাপতি বাছনি কৰা হ’ব। ইফালে আব্দুছ ছালাম শ্বাহৰ বিৰুদ্ধে উঠা মেম্বাৰ অপহৰণ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত চলাই আছে। অপহৰণ হোৱা বুলি অভিযোগ উঠা দুই মেম্বাৰ শ্বাহ পত্নীৰ সমৰ্থনত থাকি এক ভিডিও বাৰ্তা যোগে তেওঁলোক বিৰোধীৰ ভয়ত আত্মগোপন কৰা বুলি ৰাইজক অৱগত কৰিছে।
গোটাবাৰী গাঁও পঞ্চায়তৰ মনিৰুল ইছলাম সভাপতিৰ দৌৰত থাকি দুদিন পূৰ্বে জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বাকী ৪ মেম্বাৰ সহ ৫ জন একেলগে বেজেপিত যোগদান কৰে। গোটাবাৰীৰ ৫ নিৰ্বাচিত ওৱাৰ্ড মেম্বাৰ সহ প্ৰায় ২ শতাধিক কৰ্মী বিজেপিত যোগদান কৰিছে।
ইফালে কালি মালিৰ আলগা গাঁও পাঞ্চায়তৰ পৰা সভাপতি হিচাপে বাছনি হোৱা জিয়াউৰ ৰহমান সহ মুঠ ৭ জন নিৰ্বাচিত ওৱাৰ্ড মেম্বাৰ পঞ্চায়ত খনৰ পৰা বিজেপিত যোগদান কৰে। মাত্ৰ দুদিনৰ ভিতৰত সভাপতি হোৱাৰ দৌৰত এইদৰে ২ নেতা সহ মুঠ ১২ জন ওৱাৰ্ড মেম্বাৰ বিজেপিত যোগদান কৰাত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত সাহা কয়, ২৬ত মানকাচৰত বিজেপিৰ পদুম ফলিব। এইবাৰ মানকাচৰৰ ৩৫ খন গাঁও পঞ্চায়তৰ পৰা ১ জন আঞ্চলিক পাঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে। একেদৰে বিৰসিং জৰুৱা সমষ্টিৰ পৰাও আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে বিজেপিৰ এজন প্ৰাৰ্থী নিৰ্বাচিত হৈছে।
লক্ষণীয় যে, জিলাৰ সদৰ হাটশিঙিমাৰী ফুলেৰচৰ গাঁও পঞ্চায়তৰ অধীনস্থ। ফুলেৰচৰ গাঁও পঞ্চায়তত প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সভানেত্ৰী ছকিনা খাতুন এইবাৰ ৩ নং ওৱাৰ্ডৰ পৰা ওৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। ছকিনা খাতুনক কংগ্ৰেছ, বিজেপি, অগপৰ সমৰ্থিত প্ৰতিজন ওৱাৰ্ড মেম্বাৰ ইতিমিধে সমৰ্থন দিছে। ১০ জন ওৱাৰ্ড মেম্বাৰক লৈ ছকিনা খাতুন ফুলেৰচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হ’ব বুলি ইতিমধ্যে চৰ্চালৈ আহিছে।
মন কৰিবলগীয়া যে, প্ৰায় প্ৰতিখন পঞ্চায়তত বৰ্তমান সভাপতি বাছনিক লৈ অৰিয়াঅৰি আৰম্ভ হৈছে। কোনোবা জন যদি ঘোঁৰা কিনাৰ দৌৰত মেম্বাৰ অপহৰণ কৰা বুলি অভিযোগ তুলিছে, কোনোবা জনৰ বিৰুদ্ধে আকৌ মেম্বাৰ আত্মগোপন কৰাৰ অভিযোগ উঠিছে মানকাচৰত। কঠালবাৰী গাঁও পঞ্চায়ততো ওৱাৰ্ড মেম্বাৰ অপহৰণ কৰাৰ অভিযোগ উঠিছে তিনি জনৰ বিৰুদ্ধে। ঘটনাক লৈ খাৰুৱাবান্ধা আৰক্ষীয়ে কালি এজনক আটক কৰি সোধা পোচা চলায় বুলি জানিব পৰা গৈছে।
লক্ষণীয় যে, ৪ খন আসনক লৈ গঠন হ’বলগীয়া দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ গঠনক লৈও জিলা খনত বহু বিতৰ্কৰ সৃষ্টি হৈছে। চাৰি খনৰ ভিতৰত ৩ খন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ফেকামৰী জিলা পৰিষদ সদস্য হিচাপে নিৰ্বাচিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী । কংগ্ৰেছ ৩ খন আসন দখল কৰিও এতিয়ালৈ জিলা পৰিষদৰ সভাপতি বাছনি কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। এফালে ১ নং কাকৰিপাৰা জিলা পৰিষদৰ পৰা জয়ী হোৱা মনু খানৰ পত্নী তানজিনা খান সভানেত্ৰী হোৱাৰ দৌৰত চৰ্চালৈ আহিছে, আনফালে ৪ নং দক্ষিণ শালমাৰা জিলা পৰিষদৰ পৰা নিৰ্বাচিত হোৱা মিৰ্জুনা বেগম সভানেত্ৰী হোৱাৰ দৌৰত আছে বুলি ইতিমধ্যে ব্যাপক ভাৱে চৰ্চা আৰম্ভ হৈছে। দুই কংগ্ৰেছৰ নেতা সভানেত্ৰী হোৱাৰ দৌৰত যুদ্ধ কৰাৰ বাবে কিং মেকাৰ হিচাপে গুৰুত্ব বাঢ়িছে ফেকামাৰীৰ নিৰ্দলীয় জিলা পৰিষদ সদস্য ওৱাহিদূৰ ৰহমান আদো।
তানজিনা খানক দক্ষিণ শালমাৰাৰ সদস্যা মিৰ্জুনা বেগমে সমৰ্থন নিদিলেও কালাপানী জিলা পৰিষদৰ পৰা নিৰ্বাচিত সদস্যা নুৰ ইয়াচমিনৰ তানজিনাক সমৰ্থন দিলে কিং মেকাৰ হিচাপে থকা নিৰ্দলীয় সদস্য আদোৰ সমৰ্থনত তানজিনা খান জিলা পৰিষদৰ সভানেত্ৰী হ’ব পাৰিব। কিন্তু কালাপানীৰ কংগ্ৰেছ প্ৰাৰ্থী জনৰ লগতে ফেকামৰী নিৰ্দলীয় প্ৰাৰ্থী তানজিনা খানক সমৰ্থন নিদিলে ৪ নং জিলা পৰিষদৰ পৰা নিৰ্বাচিত মিৰ্জুনা বেগম সভানেত্ৰী হ’ব। ইফালে তানজিনা আৰু মিৰ্জুনাই যদি দুজনকৈ সদস্যৰ সমৰ্থন পায় তেন্তে জিলা পৰিষদ গঠন কৰাটো জটিল হৈ পৰিব। ফলত প্ৰথমে ভোট’ তাৰ পাছত প্ৰয়োজনত টচৰ জৰিয়তে সভাপতি বাচনি কৰা হ’ব বুলি সৰ্বত্ৰে চৰ্চা কৰা দেখা যায়।
মুঠৰ ওপৰত ৩৫ খং গাঁও পঞ্চায়তৰ সভাপতি, দুখন আঞ্চলিক পঞ্চায়ত সভাপতি আৰু এজন জিলা পৰিষদ সভাপতি বাচনিক লৈ মানকাচৰত এতিয়া বজাৰে বজাৰে সকলোৰে মুখে মুখে ব্যাপক চৰ্চা।