Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়কাইলৈ হাটশিঙিমাৰীত লোক আদালত

কাইলৈ হাটশিঙিমাৰীত লোক আদালত

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ কাইলৈ সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বছৰটোৰ দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি লোৱা হৈছে। জিলাখনৰ ফেকামাৰীস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত চৌহদত অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে সকলো ধৰণৰ সৰু অপৰাধ, অন্যান্য দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ ১২৫ চি আৰ পি চি (Crpc) ৰ ডি ভি (DV) গোচৰৰ লগতে এন আই আইন গোচৰ সমূহ আপোচ-মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব। এনে গোচৰৰ অভিযুক্ত সকলে কাইলৈ অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে নিজৰ নিজৰ গোচৰ সমূহ নিষ্পত্তি কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই আহ্বান জনাইছে।

লক্ষণীয় যে, যোৱা ১০ মে’ তাৰিখে দেশজুৰি বছৰটোৰ দ্বিতীয় লোক আদালত অনুষ্ঠিত হৈছে যদিও অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে লোক আদালতৰ সময়সূচী সলনি কৰি ১৪ জুনত দিয়া হৈছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments