Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত ক’ত কাৰ জয়লাভ । সম্পূৰ্ণ সবিশেষ......

মানকাচৰত ক’ত কাৰ জয়লাভ । সম্পূৰ্ণ সবিশেষ……

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত কালিৰ পৰা শান্তিপূৰ্ণ ভাৱে ভোট গণনা চলি আছে। আজি সন্ধিয়া প্ৰায় ৭ বজালৈ তিনিখন জিলা পৰিষদৰ ফলাফল নিশ্চিত হোৱাৰ লগতে ৩১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩১০ খন গাঁও পঞ্চায়ত সদস্যৰ ফলাফল নিশ্চিত হৈছে।  বাতৰি লিখা পৰলৈকে ফেকামাৰী জিলা পৰিষদৰ অন্তৰ্গত মলাখোৱা গাঁও পঞ্চায়ত, দক্ষিণ শালমাৰা জিলা পৰিষদৰ অন্তৰ্গত দক্ষিণ শালমাৰা, বালাডোবা আৰু ছেবলটাৰী গাঁও পঞ্চায়তৰ ভোট গণনা বাকী আছে। ইতিমধ্যে কালাপানী জিলা পৰিষদ আৰু ফেকামাৰী জিলা পৰিষদৰ ভোটগণনা সম্পন্ন হৈছে। মানকাচৰৰ ১ নং কাকৰিপাৰা জিলা পৰিষদ এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিনা খানে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তানজিনা খান অভিভক্ত ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী আছিল। তানজিনা খানৰ হৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিৰা বৰঠাকুৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা অগপৰ ৰাজ্যিত উপসভাপতি জাবেদ ইছলামৰ পত্নী হাছিনা ইছলামক ১৭৫৪ ভোটৰ ব্যৱধানত হাছিনা ইছলামক তানজিনা খান পৰাস্ত কৰিছে। হাছিনা ইছলাম কাকৰিপাৰা জিলা পৰিষদৰ পৰা একেৰাবে দুবাৰকৈ সদস্যা হিচাপে নিৰ্বাচিত হৈ আহিছিল। হেট্ৰিক কৰাৰ আশাৰে হাছিনা ইছলাম প্ৰতিদ্বন্দিতা কৰিছিল যদিও এইবাৰ নতুনকৈ কাকৰিপাৰা জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দিতা কৰা তানজিনা খানৰ হাতত শোচনীয় ভাৱে হাছিনা ইছলাম পৰাস্ত হয়। লক্ষণীয় যে, তানজিনা খান পূৰ্বে ২ নং কালাপানী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী হৈছিল। সমষ্টি পূনঃৰ নিৰ্ধাৰনৰ পাচত নতুনকৈ তানজিনা খানৰ কাকৰিপাৰা জিলা পৰিষদ এলেকাত অন্তৰ্ভূক্ত হয়। প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ ঘাটিত তানজিনা খান এইদৰে কংগ্ৰেছৰ পৰা জয়লাভ কৰা বিষয়টো মানকাচৰত ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।

    ইফালে পঞ্চায়ত নিৰ্বাচনত মানকাচৰৰ কালাপানী জিলা পৰিষদ অতিকৈ চৰ্চিত হোৱা দেখা গৈছিল। ২ নং কালাপানী জিলা পৰিষদত বিধায়ক আমিনুল ইছলামৰ পত্নী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মেৰিনা খানক কংগ্ৰেছৰ এগৰাকী নতুন প্ৰাৰ্থী নুৰ ইয়াচমিন সেখে শোচনীয় ভাৱে পৰাস্ত কৰিছে। নুৰ ইয়াচমিন প্ৰায় ১১ হেজাৰ ভোটৰ ব্যৱধানত কালাপানীত জয়লাভ কৰিছে।

    একেদৰে ৩ নং ফেকামাৰী জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান আদোৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে। বাতৰি লিখা পৰলৈকে নিৰ্দলীয় প্ৰাৰ্থী গৰাকী ৩৭০৪ ভোটত আগবাঢ়ি আছে। বৰ্তমান ফেকামাৰী জিলা পৰিষদৰ বাবে মলাখোৱা গাঁও পঞ্চায়তৰ কেবাটাও ওৱাৰ্ডৰ ভোট গণনা বাকী আছে। মলাখোৱাত বৰ্তমান কংগ্ৰেছ আটাইকেইটা ভোট লাভ কৰিলেও নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান আদো জয়লাভ কৰিব। গতিকে ওৱাহিদুৰ ৰহমান আদোৰ জয় নিশ্চিত হৈ পৰিছে। প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰ মহিবুৰ ৰহমান মণ্ডলৰ পত্নী ইয়াচমিন ছিদ্দিকাক নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে শোচনীয় ভাৱে পৰাস্ত কৰিছে। কংগ্ৰেছৰ ঘাটিত নিৰ্দলীয় প্ৰাৰ্থী গৰাকী এইদৰে কংগ্ৰেছক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় যে, ওাহিদুৰ ৰহমান আদো মানকাচৰ জিলা এআইইউডিএফৰ সাধাৰণ সম্পাদক যদিও এআইইউডিএফৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে। অৱশ্য তেওঁ বৰ্তমানেও এআইইউডিএফতে আছে বুলি জানিব পৰা গৈছে।

    ইফালে ৪ নং দক্ষিণ শালমাৰা জিলা পৰিষদত কংগ্ৰেছৰ জয় প্ৰায় নিশ্চিত হৈছে। দক্ষিণ শালমাৰা মিৰ্জিনা বেগম বৰ্তমান প্ৰায় ৪ হেজাৰ ভোটত আগবাঢ়ি আছে। দক্ষিণ শালমাৰাত বৰ্তমানেও তিনিখন গাঁও পঞ্চায়তৰ ভোট গণনা বাকী আছে।

    লক্ষণীয় যে, লোকসভা নিৰ্বাচনত ৰকিবুল হুছেনে সৃষ্টি কৰা ঢৌ মানকাচৰত পঞ্চায়ত নিৰ্বাচনত চলা পৰিলক্ষিত হয়। লোকসভা নিৰ্বাচনৰ ফলাফলৰ দৰে কংগ্ৰেছে জিলাখনত ভাল ফলাফল দেখুৱাইছে। মানকাচৰত মুঠ ৩৫ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত এতিয়ালৈ ৩১ খনৰ ভোটগণনা সম্পন্ন হৈছে। ইয়াৰে ১৭ খনত কংগ্ৰেছ, ৭ খনত অগপ, ৪ খনত নিৰ্দলীয়, ১ খনত এআইইউডিএফ আৰু ১ খনত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তৰ ফলাফলৰ ক্ষেত্ৰত অগপই কিছু সন্মান ৰক্ষা কৰিলেও এআইইউডিএফে কিন্তু জিলাখনত শোচনীয় ভাৱে পৰাস্ত হোৱা দেখা গৈছে। মানকাচৰ ৩১ খন আঞ্চিলক পঞ্চায়তৰ সদস্য হিচাপে জয়লাভ কৰা প্ৰাৰ্থী কেইজন ক্ৰমে- ১ নং ঝগৰাৰচৰ কংগ্ৰেছ প্ৰাৰ্থী ছুহানা মণ্ডল, ২ নং কাকৰিপাৰাত নিৰ্দলীয় প্ৰাৰ্থী ফৰিদুল ইছলাম, ৩ নং ঠাকুৰাণবাৰীত কংগ্ৰেছ প্ৰাৰ্থী সুৰজ মিঞা, ৪ নং মানকাচৰ পশ্চিমত কংগ্ৰেছ প্ৰাৰ্থী নিলুফা ইয়াচমিন, ৫ নং মানকাচৰ বজাৰত বিজেপি প্ৰাৰ্থী ৰূপালী পাল , ৬ নং মানকাচৰ পূৱত কংগ্ৰেছ প্ৰাৰ্থী হেনা বেগম, ৭ নং কুচনিমাৰা-জোৰডাঙাত অগপ প্ৰাৰ্থী মাশূদা খাতুন, ৮ নং ঝাউডাঙাত নিৰ্দলীয় প্ৰাৰ্থী ৰাকিদা বেগম, ৯ নং ঝালোৰচৰ-নয়াগাঁওত অগপৰ প্ৰাৰ্থী নাৰগিছ খান, ১০ নং বেঙেৰভিটাত এআইইউডিএফৰ প্ৰাৰ্থী ছলেমান হক, ১১ নং বাঘাপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী মমতাজ বেগম, ১২ নং পানকাটাত কংগ্ৰেছৰ প্ৰাৰ্থী স্মৃতিয়াৰা ছুলতানা, ১৩ নং কালাপানীত কংগ্ৰেছ প্ৰাৰ্থী আকলিমা খাতুন, ১৪ নং ধানুৱাত অগপ প্ৰাৰ্থী ৰৌশনাৰা বেগম, ১৫ নং মানুল্ল্যাপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবিয়া খাতুন, ১৬ নং ভূৰাকাটাত কংগ্ৰেছৰ প্ৰাৰ্থী আজমিনা খাতুন, ১৭ নং পাথুৰীয়াত অগপৰ প্ৰাৰ্থী তাৰা শইকীয়া, ১৮ নং কুকুৰমাৰাত অগপ প্ৰাৰ্থী নাজিৰা বেগম, ১৯ নং কঠালবাৰীত নিৰ্দলীয় প্ৰাৰ্থী ছাবিনা ইয়াচমিন, ২০ নং পুৰাণদিয়াৰাত অগপ প্ৰাৰ্থী নুৰ আমিন, ২১ নং কানাইমাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী আখতাৰা জাহান, ২২ নং ফেকামাৰীত কংগ্ৰেছ প্ৰাৰ্থী আবুল কাশেম, ২৩ নং ফুলেৰচৰত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল মোন্নাফ, ২৪ নং মালিৰ আলগাত কংগ্ৰেছ প্ৰাৰ্থী মাশূদা বেগম, ২৫ নং বৰাইৰ আলগাত কংগ্ৰেছৰ প্ৰাৰ্থী কমলা খাতুন, ২৬ নং সুখচৰত কংগ্ৰেছৰ প্ৰাৰ্থী মনিৰুল ইছলাম, ২৮ নং গোটাবাৰীত কংগ্ৰেছ প্ৰাৰ্থী মামুন শ্বাহ, ২৯ নং হাজিৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী আতেজা খাতুন, ৩০ নং পাটাকাটাত নিৰ্দলীয় প্ৰাথী জেছমিন খাতুনৰ, ৩১ নং টুমনিত এআইইউডিএফৰ প্ৰাৰ্থী ছোমেৰ আলী, ৩২ নং মনিৰচৰত কংগ্ৰেছৰ প্ৰাৰ্থী আৰ্জিনা খাতুন জয়লাভ কৰিছে। ইতিমধ্যে জয়ী হোৱা প্ৰাৰ্থী সকলৰ ফলাফল জিলা প্ৰশাসনে ঘোষণা কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments