ডিজিটেল ডেক্স, দিয়াৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দিয়াৰাত আজি দিনৰ প্ৰায় ১১.৩০ বজাত ছাফিউল ইছলাম মণ্ডল নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয়। ব্যৱসায়ী ছাফিউল নিজৰ দোকানত ব্যস্ত হৈ থকাৰ লগতে তেওঁৰ পত্নীয়ে ঘৰত তলা ওলোমাই পুত্ৰৰ সৈতে পাশ্বৱৰ্তী লোক এজনৰ ঘৰত ফুৰিবলৈ যায়। প্ৰায় আধাঘণ্টা সময় পাচত ঘৰলৈ উভতি আহি ঘৰৰ গ্ৰীল ভংগা অৱস্থাত পোৱাৰ লগতে চুৰিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে। চোৰৰ দল এটা ঘৰত কোনো নথকাৰ সুযোগ লৈ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰত থকা গড্ৰেছৰ পৰা নগদ ধন আৰু সোণ-ৰূপৰ অলংকাৰ লুটি পলায়ন কৰে। মাত্ৰ আধা ঘণ্টাৰ ভিতৰত চোৰে এইদৰে ঘৰখন ছাফাই অভিযান চলাই প্ৰায় দুই লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়ে। ঘটনাক লৈ ভূক্তভূগী ছাফিউল মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে। বিয়লি প্ৰায় ৪ বজাত মানকাচৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। ইফালে চুৰিকাণ্ডত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে এজনক কৰায়ত্ব কৰি মানকাচৰ থানাত জেৰা চলাই থকা পৰিলক্ষিত হৈছে।