Sunday, April 13, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত জিলা আয়ুক্তই মুকলি কৰিলে প্ৰথমটো গেছ এজেঞ্চি

হাটশিঙিমাৰীত জিলা আয়ুক্তই মুকলি কৰিলে প্ৰথমটো গেছ এজেঞ্চি

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা প্ৰথমটো গেছ এজেঞ্চি মুকলি কৰে। ভাৰত পেট্ৰলিয়ামৰ অধীনত থকা ভাৰত গেছ এজেঞ্চি খনৰ জৰিয়তে জিলাৰ সদৰৰ ছিলিণ্ডাৰ গ্ৰাহক সকলে কম সময়ত চৰকাৰী মূল্যত ছিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব। গেছ এজেঞ্চি মুকলি অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা আৰু স্থানীয় বহু জ্যেষ্ঠ নাগৰিক উপস্থিত আছিল। দীৰ্ঘদিনে সদৰবাসী গ্ৰাহক সকলে দুৰৰ পৰা ছিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হৈছিল। এই গেছ এজেঞ্চিখন মুকলি কৰাত ৰাইজ ব্যাপক ভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments