ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ লাইফ লাইন সদৃশ লোকনিৰ্মাণ বিভাগৰ অধীনত থকা হাটশিঙিমাৰী-মানকাচৰ সংযোগী একমাত্ৰ ২২ কিলোমিটাৰ পথটো দীৰ্ঘদিনে বিধ্বস্ত হৈ থকাক লৈ বৃহস্পতিবাৰে বিয়লি হাটশিঙিমাৰীত জিলা উন্নয়ন মঞ্চৰ উদ্যোগত এক নাগৰিক সভা অনুষ্ঠিত কৰি জিলা আয়ক্তৰ উপস্থিতিত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা উন্নয়ন মঞ্চৰ উদ্যোগত হাটশিঙিমাৰী হাজী মুছাফিৰখানাত বিয়লি প্ৰায় ৪ বজাত জিলাখনৰ জ্যেষ্ঠ আৰু সচেতন নাগৰিকৰ লগতে বুদ্ধিজীৱি সকলক লৈ ৰাস্তা উন্নয়ন সম্পৰ্কে নাগৰিক সভা অনুষ্ঠিত কৰা হয়। দীৰ্ঘদিনে বিধ্বস্ত হৈ থকা হাটছিঙিমাৰী-মানকাচৰ ৰাস্তাই সৰ্ব সাধাৰণ লোকক প্ৰতিদিনে জলাকলা খোৱাই আহিছে। চৰকাৰে জিলাবাসীৰ সুবিধাৰ্থে পথটো পুনৰ নিৰ্মাণ কৰিবলৈ জিলা উন্নয়ন মঞ্চই নাগৰিক সভাখনৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনায়। ইফালে এই নাগৰিক সভাৰ অন্তত সন্ধিয়া প্ৰায় ৫:৪০ বজাত এক সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। ৰমজান মাহৰ এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, সহকাৰী আয়ুক্ত দৈথন ৱাৰী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথি আৰু আলেম-উলামা সকল উপস্থিত থাকি ইফতাৰ উপলক্ষে বিশ্ব শান্তিৰ বাবে মহান আল্লাহ-তায়ালাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰা হয় ।