Sunday, September 14, 2025
Google search engine
গৃহস্থানীয়পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত যাত্ৰীবাহী নাও । অত্যাধিক সামগ্ৰী কঢ়িওৱা বাবে...

পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত যাত্ৰীবাহী নাও । অত্যাধিক সামগ্ৰী কঢ়িওৱা বাবে দূৰ্ঘটনা

ডিজিটেল ডেক্স, ধুবুৰীঃ ধুবুৰীৰ দক্ষিণ শালমাৰাৰ চালবান্দা চৰৰ ব্ৰহ্মপুত্ৰত বৃহস্পতিবাৰে এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি মতে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত ধুবুৰী পাৰ ঘাটৰ পৰা চালবান্দা চৰলৈ যাত্ৰা কৰে এখন যাত্ৰীবাহী যন্ত্ৰচলিত নাও। যাত্ৰীবাহী নাওখনত অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত চালবান্দা চৰ পাৰ ঘাট পোৱাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যাবলৈ ধৰে নাওখন। লগে লগে ঘটনাস্থলীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় নাওখনত। পিছত নাৱৰীয়াই ততাতৈয়াকৈ নাওখন ওচৰৰ চৰ এখনলৈ চপাই দিয়াত যাত্ৰীসকলে নাও খনৰ পৰা নামি পাৰলৈ যায়। ফলত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰায় শতাধিক যাত্ৰীৰ। ইপিনে বৃহৎ পৰিমাণৰ বিভিন্ন সামগ্ৰী সহ নাওখন ডুব যাবলৈ ধৰাৰ সময়তে একাংশ ৰাইজে নাওখন টানি পাৰলৈ নিয়াৰ চেষ্টা কৰে। যদিও ব্যৰ্থ হয়। এই দূৰ্ঘটনাৰ ফলত কেবালক্ষিধিক টকাৰ সামগ্ৰী নষ্ট হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments