Friday, May 30, 2025
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ৰ হেলিডেগঞ্জত ডাম্পাৰৰ খুন্দাত অসমীয়া নাগৰিক নিহত

মেঘালয়ৰ হেলিডেগঞ্জত ডাম্পাৰৰ খুন্দাত অসমীয়া নাগৰিক নিহত

ডিজিটেল ডেক্স, হেলিডেগঞ্জঃ মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী মেঘালয়ৰ হেলিডেগঞ্জ-কাছাৰীপাৰাত আজি দিনৰ প্ৰায় ১ বজাত এটা দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত এজন মানসিক বিকাৰগ্ৰহস্ত লোক নিহত হৈছে।

প্ৰাপ্ত বাতৰি মতে, আগীয়া-তুৰা এন ই চি পথেৰে অসমীয়া মানসিক বিকাৰগ্ৰস্ত লোক এজনে খোজকাঢ়ি থকা অৱস্থাত পিছফালৰ পৰা দ্ৰুত গতিত অহা এম এল ০৮ বি ৩৬৩৪ নম্বৰৰ ডাম্পাৰ খনে খুন্দা মাৰি পলায়ন কৰে। লগে লগে লোকজন গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ পাশৱৰ্তী হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। মেঘালয়ৰ হেলিডেগঞ্জ আৰক্ষী লোকজনৰ মৃতদেহ নিজৰ জিম্মাত নি মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে। হাটশিঙিমাৰী, মানকাচৰৰ লগতে মেঘালয়ৰ হেলিডেগঞ্জত, ৰাজাবালা এলেকাত ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লোক জন অসমীয়া ভাষাত কথা কোৱাৰ লগতে মাজে মাজে অসমীয়াত গান গাই থকা শুনা পোৱা গৈছিল। কিন্তু লোকজনৰ প্ৰকৃত ঘৰ ক’ত আৰু তেওঁৰ পৰিচয় কি সেয়া এতিয়ালৈ উদ্ধাৰ হোৱা নাই। ইফালে লোকজনক খুন্দা মাৰি পলায়ন কৰা ডাম্পাৰখন হেলিডেগঞ্জ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰাৰ লগতে গাড়ী চালক জন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments