ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ বাংৰীৰচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। সুখচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বাংৰীৰচৰৰ ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ হয় সদ্যজাতৰ মৃতদেহ। আজি দিনৰ প্ৰায় ১২ বজাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে দেৱশিশুটিৰ মৃতদেহ। মানৱ সমাজক লজ্জানত কৰি নিষ্ঠুৰ মাতৃয়ে ব্ৰহ্মপুত্ৰত সদ্যজাতটি পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে, বাংৰীৰচৰ গাঁৱৰ কাষত থকা ব্ৰহ্মপুত্ৰৰ পাৰত আব্দুছ ছামাদ নামৰ কৃষকজনে গৰু গা ধুৱাবলৈ যোৱাত সদ্যজাতৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজ আৰু সাংবাদিকক বিষয়টো অৱগত কৰাত সাংবাদিকে আৰক্ষীক খবৰ দিয়ে। দিনৰ প্ৰায় ১ বজাত এগৰাকী জিলা উপ আৰক্ষী অধীক্ষকসহ সুখচৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কোনে কিয় এই সদস্যজাতটিক ব্ৰহ্মপুত্ৰত পেলাই দিলে তাক লৈ বাংৰীৰচৰত চাঞ্চল্যই বিৰাজ কৰিছে। সদ্যজাত শিশুটিক জীৱিত অৱস্থাত পেলাই দিয়া হৈছিল নে হত্যা কৰি পেলাই দিয়া হৈছে সকলো তথ্য আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব। ইতিমধ্যে সুখচৰ আৰক্ষীয়ে ঘটনাক তীব্ৰ অনুসন্ধান আৰম্ভ কৰিছে। লক্ষণীয় যে উদ্ধাৰ হোৱা সদস্যজাতৰ মৃতদেহটি এটি ল’ৰা সন্তান বুলি আৰক্ষী সু্ত্ৰে নিশ্চিত কৰিছে।