Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত ষ্ট্ৰবৰী খেতি কৰি স্বাৱলম্বী গিয়াছ উদ্দীন আহমেদ

মানকাচৰত ষ্ট্ৰবৰী খেতি কৰি স্বাৱলম্বী গিয়াছ উদ্দীন আহমেদ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ধান, সৰিয়হ, ঘেঁহু, মৰাপাট, মাকৈ খেতিৰ বাবে কৃষিপ্ৰধান মানকাচৰত কানাইমাৰাৰ গিয়াছ উদ্দীন আহমেদ নামৰ এগৰাকী শিক্ষিত কৃষকে ষ্ট্ৰবেৰি খেতি কৰি প্ৰতিদিনে ১৫-২০ কেজিকৈ ষ্ট্ৰবেৰী বিক্ৰী কৰি কৃষকজন সফলতাৰ দিশে আগুৱাই যোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, হাটশিঙিমাৰী জিলাৰ কৃষি বিভাগৰ সহযোগত বিগত চাৰি বছৰ পূৰ্বে কানাইমাৰাৰ গিয়াছ উদ্দীন আহমেদ নামৰ শিক্ষিত কৃষক জনে নিজৰ ১ বিঘা ভূমিত ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰিছিল। BRILLIANCE ভেৰাইটিৰ ষ্ট্ৰবেৰীৰ পুলিৰে আৰম্ভ কৰা খেতিৰে কৃষক জনে প্ৰথম বছৰতে সফলতা লাভ কৰাৰ পাচত চাৰি বছৰে ধাৰাবাহিক ভাৱে এই খেতি কৰি আহিছে। জিলা কৃষি বিভাগৰ পৰামৰ্শ মতে কৃষক জনে ষ্ট্ৰবেৰী খেতি কৰি এতিয়া প্ৰতিদিনে প্ৰায় ১৫-২০ কেজি পৰ্যন্ত ষ্ট্ৰবেৰী বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। পাইকাৰী দৰত কৃষক জনে প্ৰতিকিলো ষ্ট্ৰবেৰী প্ৰায় ৪০০ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে বুলি কৃষক জনে জানিবলৈ দিছে । এইবেলি কৃষক জনে প্ৰায় ৩-৪ লাখ টকাৰ ষ্ট্ৰবেৰী স্থানীয় বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে। এক বিঘা ভূমিত এই খেতিৰ বাবে তেওঁ বছৰি প্ৰায় ১ লাখ টকা খৰচ কৰি বছৰ ৩-৪ লাখ টকা উপাৰ্জন কৰে। জিলাখনৰ একাংশ কৃষক তেওঁৰ এই খেতি পৰিদৰ্শন কৰি অনুপ্ৰেৰিত হৈ অনাগত দিনত জিলা কৃষি বিভাগৰ সহযোগত ষ্ট্ৰবেৰী খেতি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments