Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩৫ খন গাঁও পঞ্চায়তত ৭৯৮০ টা প্ৰধানমন্ত্ৰী আবাস যোজনা...

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩৫ খন গাঁও পঞ্চায়তত ৭৯৮০ টা প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীণৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান

 

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ আৰ্তজনলৈ গৃহ প্ৰদানেৰে জীৱন-ধাৰণৰ মান উন্নীতকৰণৰ লক্ষ্যৰে ১৯ মাৰ্চ ২০২৫ বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন-পত্ৰ প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পলাশবাৰীৰ ৰামপুৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩৫ খনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭৯৮০ গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত পকীঘৰ প্ৰদান কৰা হৈছে । 

ৰাজ্যৰ আন আন জিলাৰ সমান্তৰাল ভাৱে বুধবাৰে হাটশিঙিমাৰীৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত গৃহ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ শইকীয়া, জিলা অতিৰিক্ত আয়ুক্ত ৰিপন জ্যোতি নাথ, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি বিশিষ্ট নাগৰিক আৰু হিতাধিকাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, এই পদক্ষেপৰ অংশ হিচাপে ৩৭,৫০০ টকাৰ প্ৰথম কিস্তি হিতাধিকাৰীসকলৰ ঘৰ নিৰ্মাণত সহায়ক হোৱাকৈ বুধবাৰৰ পৰাই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা দিয়া হয় । 

লক্ষণীয় যে হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত নোহোৱা অথচ যোগ্য হিতাধিকাৰীসকলৰ বাবে ১৭ৰ পৰা ২৬ মাৰ্চৰ ভিতৰত ৰাজ্যজুৰি এক জিঅ’-টেগিং জৰীপ কৰা হ’ব বুলি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments