ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ কৃষি বিভাগৰ অধীনত থকা ছোলাৰ পাম্পৰ টেংকি নিৰ্মাণৰ ক্ষেত্ৰত একাংশ ঠিকাদাৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত।
উল্লেখযোগ্য যে, কৃষি কাৰ্য সম্পাদনৰ বাবে ৰাজ্য চৰকাৰে কৃষক সকলক ৰাজ সাহায্যযুক্ত ছোলাৰ পাম্প আৱণ্টন দিছে। ইয়াৰে একাংশ ছোলাৰ পাম্প হিতাধিকাৰীয়ে ৯০ হেজাৰ টকাৰে ৰাজ সাহায্যয়ুক্ত টেংকি লাভ কৰিছে। ১০ হেজাৰ লিটাৰ পানী সংগ্ৰহ কৰি ৰাখিব পৰাকৈ টেংকি নিৰ্মাণত ঠিকাদাৰে দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় নিয়ম অনুসৰি ছোলাৰ পাম্পৰ টেংকি হিতাধিকাৰীয়ে নিজে টেংকি নিৰ্মাণ কৰাৰ পাচত হিতাধিকাৰী জনৰ একাউণ্টত ৰাজ সাহায্যৰ ধন জমা হয়। কিন্তু স্থানীয় বাচ্ছু মিঞা আনছাৰীকে ধৰি একাংশ ঠিকাদাৰে নিম্নমানৰ ১০ হেজাৰ লিটাৰৰ টেংকি নিৰ্মাণ কৰি ৰাজ সাহায্যৰ ধনখিনি হিতাধিকাৰীৰ পৰা আদায় কৰি আহিছে। টেংকি নিৰ্মাণৰ পাচত হিতাধিকাৰীৰ একাউণ্টত সোমাবলগীয়া ৯০ হেজাৰ ঠিকাদাৰক আদায় দিয়াৰ বাবে এগ্ৰিমেণ্টও কৰা হৈছে। ঠিকাদাৰ বাচ্ছু মিঞা আনছাৰী আৰু হিতাধিকাৰী আব্দুছ ছোবাহানৰ মাজত কৰা হৈছে এটা এগ্ৰিমেণ্টখন ইতিমধ্যে পোহৰলৈ আহিছে। একেদৰে হিতাধিকাৰীয়ে টেংকিৰ নামত চৰকাৰী ভাৱে লাভ কৰা ৰাজ সাহায্যৰ ধন ফোনপে যোগে প্ৰদান কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। প্ৰশ্নৰ বিষয় এয়া যে, ঠিকাদাৰ বাচ্ছু মিঞা আনছাৰী কেনেকৈ বিভাগীয় নিয়ম ভংক কৰি হিতাধিকাৰীৰ সৈতে এগ্ৰিমেণ্ট কৰিবলৈ সাহস পালে ? মানকাচৰত প্ৰায় শতাধিক ছোলাৰ পাম্প হিতাধিকাৰীয়ে ১০ হেজাৰ লিটাৰ পানী জমা কৰা টেংকি লাভ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰায়বোৰ টেংকি নিৰ্মাণৰ ক্ষেত্ৰত হিতাধিকাৰীৰ ৰাজ সাহায্যৰ ধন ঠিকাদাৰে লুটিছে বুলি বিজেপিৰ নেতা মনিৰুজ্জামান মনিয়ে অভিযোগ তুলিছে।
লক্ষণীয় যে, টেংকি নিৰ্মাণৰ নামত কৃষি বিভাগৰ ঠিকাদাৰে হিতাধিকাৰীৰ নামত অহা ৰাজ সাহায্যৰ ধন আত্মসাৎ কৰা ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগও তুলিলে বিজেপিৰ জ্যেষ্ঠ নেতা জনে। বিধায়ক ভাতৃ মইদুল ইছলাম নামৰ যুৱক জনৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ তুলি কৃষি বিভাগৰ ঠিকাদাৰ সকলে বিষয়টো গাপ দিয়াৰ চেষ্টা চলাইছে বুলিও বিজেপি নেতা জনে অভিযোগ আনিছে। ঘটনাক লৈ একাংশ অৰাজনৈতিক সংগঠনেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৃষি বিভাগত সংঘটিত হোৱা দূৰ্নীতিৰ উচিত তদন্তৰ বাবে একাংশ অৰাজনৈতিক সংগঠনে দাবী তুলিছে। দূৰ্নীতিত লিপ্ত হোৱা ঠিকাদাৰ আৰু কৃষি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে উচিত তদন্ত নকৰিলে একাংশ অৰাজনৈতিক সংগঠনে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিব বুলি এম নিউজক জানিবলৈ দিছে। বিষয়টো মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰতো গোচৰ তৰাৰ সম্ভাৱনা আছে বুলি অৰাজনৈতিক সংগঠনে মতামত প্ৰকাশ কৰিছে।