Tuesday, April 1, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত আছুৰ ড্ৰাগছবিৰোধী সজাগতামূলক সমদল

হাটশিঙিমাৰীত আছুৰ ড্ৰাগছবিৰোধী সজাগতামূলক সমদল

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ সদৌ অসম ছাত্ৰ সন্থা, অসম সেনা আৰু অসম উন্নতি সভাৰ যৌথ আহ্বানমৰ্মে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীতো আজি আছুয়ে ড্ৰাগছবিৰোধী সজাগতামূলক সমদল উলিয়ায়। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা আছুৰ উদ্যোগত উলিওৱা এই ড্ৰাগছবিৰোধী সজাগতামূলক সমদল কাৰ্যসূচীত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, ছাত্ৰ-ছাত্ৰীৰ লগতে হাটশিঙিমাৰী ইলাইট একাডেমীৰ অধ্যক্ষ অংশগ্ৰহন কৰে। ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ প্ৰতিজন লোক ড্ৰাগছৰ পৰা আতৰত থাকি ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ ৰাইজক আহ্বান জনায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments