Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়সাংসদ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি ! হাটশিঙিমাৰীত কংগ্ৰেছৰ এজাহাৰ

সাংসদ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি ! হাটশিঙিমাৰীত কংগ্ৰেছৰ এজাহাৰ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া ঘটনাক লৈ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীত আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ পৰা এজাহাৰ দাখিল কৰা হৈছে।

জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সহিদুৰ ৰহমান সেখে ভাবুকি প্ৰদান কৰা আনছেৰ আলীৰ বিৰুদ্ধে এজাহাৰখন দাখিল কৰিছে। আনছেৰ আলী ধুবুৰী জিলাৰ সুনাখুলী গাঁৱৰ মোস্তাফা আলীৰ পুত্ৰ। নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে যুৱকজনে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক গুলীয়াই হতযাৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনাক লৈ সাংসদ গৰাকীয়ে ইতিমধ্যে ধুবুৰী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি ৰাজ্যৰ বিভিন্ন থানাত জিলা আৰু ব্ল’ক কংগ্ৰেছৰ ফালৰ পৰা ভাবুকি প্ৰদান কৰা আনছেৰ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লক্ষণীয় যে, কালি সামাজিক মাধ্যমত আনছেৰ আলী সাংসদ গৰাকীক ভাবুকি প্ৰদান কৰা ঘটনা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাচত আজি আনছেৰ আলী সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ প্ৰদান কৰিছে। আনছেৰ আলীৰ পুৰণি ফেচবুক একাউণ্ট হেক কৰি সাংসদ গৰাকীক দুষ্টচক্ৰই ভাবুকি দিয়া বুলি আনছেৰ আলীয়ে দাবী কৰিছে। আৰক্ষীৰ তদন্তৰ পাচত সমগ্ৰ বিষয়টো স্পষ্ট হ’ব। আনছেৰ আলীয়ে সদৰি কৰা কথাখিনি যদি সত্য হয় তেনে কোনে সাংসদ গৰাকীক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিলে আৰক্ষীয়ে পোহৰলৈ আনিব পাৰিবনে ?

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments