ডিজিটেল ডেক্স, মেঘালয়ঃ মেঘালয়ৰ পুৰা খাচীয়া বজাৰত এগৰাকী মহিলা সহ চাৰি অবৈধ বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ । ধৃত বাংলাদেশী নাগৰিক কেইটাক ছাজ্জাদ মোল্লা, জুৱেল খান, আব্দুৰ ৰহমান আৰু লিপি বেগম বুলি চিনাক্ত কৰা হৈছে। আটাইকেইটা বাংলাদেশী খুলনা জিলাৰ বাসিন্ধা। যোৱা প্ৰায় ১১ মাহ পূৰ্বে পশ্চিমবংগ সীমান্তয়েদি অবৈধ ভাৱে প্ৰৱেশ কৰিছিল ভাৰতত। বাংগালুৰুত ১১ মাহ কাম কৰি ১২ মাৰ্চত কামৰূপ এক্সপ্ৰেছ ৰেলৰ দ্বাৰা উপস্থিত হয় গুৱাহাটীৰ কামাখ্যাত। ১৫ মাৰ্চৰ নিশা গুৱাহাটীৰ পৰা মানকাচৰৰ নৈশ বাছযোগে উপস্থিত হয় অসম মেঘালয় সীমান্তবৰ্তী পশ্চিম গাৰো পাহাৰৰ ছিঙিমাৰী-হেলিডেগঞ্জ বজাৰত। হেলিডেগঞ্জৰ পৰা এখন মানকাচৰৰ এখন টেম্পো গাড়ীৰে অবৈধ বাংলাদেশীৰ দলটো উপস্থিত হয় মেঘলয়ৰ পুৰা খাচীয়া বজাৰত। বজাৰ খনত কৰ্তব্যৰত আৰক্ষীৰ সন্দেহ হোৱাৰ ফলত আৰক্ষীয়ে বাংলাদেশী কেইটাক কৰায়ত্ব কৰি সোধা-পোছা কৰে। আৰক্ষীৰ সোধা-পোছাত বাংলাদেশী কেইটা আৰক্ষীৰ জালত পৰে। ধৃত বাংলাদেশী কেইটাক গ্ৰেপ্তাৰৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হয়। বৰ্তমান তেওঁলোকক মেঘালয়ৰ কাৰাগাৰত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। কৰ্মৰ সন্ধানত দালালৰ সহযোগত পশ্চিমবঙ্গৰ সীমান্তৰে প্ৰৱেশ কৰা বাংলাদেশীৰ দলটো মানকাচৰৰ দালালৰ সহযোগত মেঘালয় হৈ স্বদেশলৈ উভতাৰ পথত আৰক্ষীৰ জালত পৰে বুলি জানিব পৰা গৈছে।