ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আজি এক সমূহীয়া ইফটাৰৰ আয়োজন কৰা হয় । প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা এই সমূহীয়া ইফটাৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, সহকাৰী আয়ুক্ত দৈথন ৱাৰি সহ দুগৰাকী খণ্ড উন্নয়ন বিষয়া আৰু অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলৰ লগতে জিলা খনৰ সাংবাদিক সকল উপস্থিত থাকে। পবিত্ৰ ৰমজান মাহ উপলক্ষে হিন্দু-মুছলামৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ বাবে আয়োজন কৰা এই সমূহীয়া ইফটাৰত জিলাৰ উন্নয়ন আৰু বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা অনুষ্ঠিত কৰা হয়। লক্ষণীয় যে যোৱা প্ৰায় ৬ মাহ পূৰ্বে হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ সদস্য তথা প্ৰতিদিন টাইমৰ সাংবাদিক আবু হাচান আহমেদ মানসিক চাপত ভুগি আত্মহত্যা কৰিছিল। প্ৰয়াত সাংবাদিক জনৰ বিদ্ৰোহী আত্মাৰ শান্তি কামনা কৰি প্ৰেছ ইফটাৰৰ জৰিয়তে দোৱা কৰা হয়।