Wednesday, June 18, 2025
Google search engine
গৃহস্থানীয়প্ৰতিজন গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজন ফলিক এচিড

প্ৰতিজন গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজন ফলিক এচিড

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আজি ফলিক এচিডৰ প্ৰয়োজনীয়তাক লৈ চলিবলগীয়া সজাগতা কাৰ্যসূচীৰ শুভাৰাম্ভ কৰা হয়।

উল্লেখযোগ্য যে, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ লগতে বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, নাৰ্চ আৰু আশাকৰ্মীৰ উপস্থিতিত এই ফলিক এচিডৰ প্ৰয়োজনীয়তা সজাগতাৰ শুভাৰাম্ভ কৰা হয়। মহিলা সকল গৰ্ভধাৰনৰ তিনিমাহ আগতে আৰু গৰ্ভৱতী হোৱাৰ প্ৰথম তিনিমাহলৈ ফলিক এডিচ সেৱন কৰাটো অতিকৈ জৰুৰী বুলি শুভাৰাম্ভ অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালয়ক ডাঃ মিনহাজ চৌধুৰীয়ে জানিবলৈ দিয়ে। প্ৰতিখন ব্লক আৰু উপস্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী সকলে প্ৰতিখন গাঁৱৰ মহিলা সকলৰ মাজত এই ফলিক এডিচৰ প্ৰয়োজনীয়া সম্পৰ্কে সজাগতা চলাব বুলি এক সংবাদমেলযোগে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালয়ক ডাঃ মিনহাজ চৌধুৰীয়ে জানিবলৈ দিয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments