Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়ৰকিবুল হুছেইনক গুলীয়াই হত্যাৰ ভাবুকিঃ এজাহাৰ দাখিল

ৰকিবুল হুছেইনক গুলীয়াই হত্যাৰ ভাবুকিঃ এজাহাৰ দাখিল

ডিজিটেল ডেক্স, ধুবুৰীঃ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক সামাজিক মাধ্যম ফেচবুক যোগে এজন ব্যক্তিয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যই ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাংসদ গৰাকীয়ে ইতিমধ্যে আজি উক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।

উল্লেখযোগ্য যে, সাংসদগৰাকীয়ে আজি দাখিল কৰা এজাহাৰখনত উল্লেখ কৰা মতে ধুবুৰী জিলাৰ সোনাখুলি গাঁৱৰ মোস্তফা আলীৰ পুত্ৰ আনছাৰ আলীয়ে সামাজিক মাধ্যম ফেচবুকত তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা উল্লেখ কৰে। এজাহাৰখনত উল্লেখ থাকে যে সাংসদ ৰকিবুল হুছেইনে চলিত বছৰৰ ৪ জানুৱাৰীত ফেচবুকত লাইভ কৰোঁতে উক্ত আনছাৰ আলী নামৰ ব্যক্তি জনে তেওঁক গুলীয়াই হত্যা কৰিব বুলি মন্তব্য কৰিছিল।

আনহাতে যোৱা ১৬ মাৰ্চতো সাংসদ ৰকিবুল হুছেইনে পুনৰ ফেচবুকত লাইভ কৰোঁতে একেজন ব্যক্তি আনছাৰ আলীয়ে সাংসদগৰাকীক লক্ষ্য কৰি লৈ আগৰবাৰ তুমি বাচি গ’লা বুলি উল্লেখ কৰি এইবাৰ তেওঁক হত্যা কৰিব বুলি পুনৰ ভাবুকি দিয়ে। সামাজিক মাধ্যমত এনেদৰে বাৰে বাৰে সাংসদগৰাকীক প্ৰাণনাশৰ ভাবুকি দিয়া কাৰ্যৰ বিৰুদ্ধে ধুবুৰী জিলা কংগ্ৰেছেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ধুবুৰী কংগ্ৰেছে উক্ত ঘটনাৰ তীব্ৰ গৰিহনা জনোৱাৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে সাংসদৰ ৰকিবুল হুছেইনক ৰূপহীত মুকলিকৈ একাংশ দুৰ্বৃত্তই প্ৰহাৰ কৰিছিল।

সাংসদ হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইন আৰু তেওঁৰ দেহৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল দুৰ্বৃত্তই। সেই ঘটনাৰ পাছত তেওঁক পুনৰ এইদৰে গুলীয়াই হত্যা কৰাৰ মুকলি ভাবুকি দিয়াৰ বিষয়টোৱে চাঞ্চল্য সৃষ্টি কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments