Friday, March 7, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলা সীমান্তত পুনৰ সক্ৰিয় গো-মাফিয়া ! গৃহৰক্ষী জোৱানসহ ৬ গোমাফিয়াক গ্ৰেপ্তাৰ !

মানকাচৰ-বাংলা সীমান্তত পুনৰ সক্ৰিয় গো-মাফিয়া ! গৃহৰক্ষী জোৱানসহ ৬ গোমাফিয়াক গ্ৰেপ্তাৰ !

ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- গোমাতা সুৰক্ষাৰ বাবে চৰকাৰে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয়, বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত গৰুৰ চোৰাং কাৰবাৰ ধাৰাবাহিকভাৱে চলিয়ে আছে। পুনৰ গ্ৰেপ্তাৰ হৈছে ৬ গো-মাফিয়া।

কিছুদিনৰ বাবে জিলাখনত চোৰাং কাৰবাৰ কিছু পৰিমানে কমিছিল যদিও জিলাখনত পুনৰ সক্ৰিয় হৈছ উঠিছে গোমাফিয়াৰ দপদপনি।

আৰক্ষী-বিএছএফৰ চকুত ধূলি দি প্ৰতিদিনে বাংলাদেশলৈ সৰবৰাহ হয় শ শ চোৰাং পশুধন। গোপন সূত্ৰৰ ভিত্তিত মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেৰাভাঙাত দেওবাৰে নিশা দুগৰাকী DSP ৰ নেতৃত্বত এদল আৰক্ষীয়ে চোৰাং সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

আৰক্ষীৰ অভিযানত এগৰাকী পোষ্টিং নোপোৱা গৃহৰক্ষী জোৱানসহ ৬ গোমাফিয়া গ্ৰেপ্তাৰ হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৫ টা চোৰাং পশুধন জব্দ কৰিছে।

ধৃত গোমাফিয়া কেইটা ক্ৰমে পোষ্টিং নোপোৱা গৃহৰক্ষী জোৱান আজাদ শেখ, মোছলেম আলী, ছানোৱাৰ হুছেইন, ছাফিউল ইছলাম ওৰফে বশ্বাৰ, ছামিউল শেখ আৰু আছাদুৰ শেখ বুলি চিনাক্ত কৰা হৈছে। 

সুখচৰ আৰক্ষীয়ে সোমবাৰে গোমাফিয়া কেইটাক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।

আদালতে ইতিমধ্যে গোমাফিয়াৰ দলটোক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

লক্ষণীয় যে গ্ৰেপ্তাৰ হোৱা গোমাফিয়া কেইটাৰ ভিতৰত ছাফিউল ইছলাম ওৰফে বশ্বাৰ, মোছলেম আলী আৰু ছানোৱাৰ হুছেইন নামৰ এইকেইটা গোমাফিয়া পূৰ্বেও চোৰাং কাৰবাৰত জৰিত হৈ ৰঙা ঘৰৰ আলোহী হৈছিল বুলি জানিব পৰা গৈছিল।

আনহাতে পোষ্টিং নোপোৱা গৃহৰক্ষী জোৱান আজাদ গো-মাফিয়াৰ সৈতে জৰিত থকাৰ বাবেই তেওঁ দীৰ্ঘদিনে পোষ্টিং পোৱা নাই বুলি অভিযোগ পোৱা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments