ডিজিটেল ডেক্স, মানকাচৰঃ সমাগত পঞ্চায়ত নিৰ্বাচন । সকলো ঠিকে-ঠাকে থাকিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছদিনা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ঘোষণা কৰিছে। ইফালে প্ৰায় দুমাহ আগৰে পৰা মানকাচৰৰ বিশেষকৈ কালাপানী জিলা পৰিষদ এলেকাত পঞ্চায়ত নিৰ্বাচনৰ বাবে আশাবাদী প্ৰাৰ্থী সকলে নিজৰ নিজৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। নিৰ্বাচন পিছুৱাই গ’লেও পিছপৰি থকা নাই কালাপানী জিলা পৰিষদৰ প্ৰাৰ্থী সকল। আজি মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ পত্নী তথা প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ হৈ এআইইউডিএফে এক বিশাল কৰ্মীসভাৰ আয়োজন কৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। কেবা সহস্ৰাধিক লোকৰ সমাগম হোৱা কৰ্মী সভাখনৰ জৰিয়তে এআইইউডিএফে এক প্ৰকাৰে স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হয়। কিয়নো লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ হাতত আজমল শোচনীয় ভাৱে পৰাস্ত হোৱাৰ পাচত মানকাচৰত পুনৰ এআইইউডিএফৰ প্ৰতি ৰাইজক কিদৰে আকৃষ্ট কৰিব তাক লৈ বিধায়ক আৰু দলীয় নেতা-কৰ্মীৰ মাজত জল্পনা কল্পনা আৰম্ভ হৈছিল। আজিৰ কৰ্মীসভাৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল হ’ব বুলি এআইইউডিএফে আশা প্ৰকাশ কৰিছে।
কৰ্মীসভাৰ জৰিয়তে এআইইউডিএফে শক্তি প্ৰদৰ্শন কৰাৰ মাত্ৰ প্ৰায় ২৪ ঘণ্টা পাচত কাইলৈ সাংসদ ৰকিবুল হুছেইন কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হ’ব মানকাচৰত। কাইলৈ দিনৰ ২ বজাত কালাপানী জিলা পৰিষদ এলেকাৰ বাবে কালাপানীত এখন জনসভাত সাংসদ গৰাকী উপস্থিত থকাৰ লগতে বিয়লি ৪ বজাত কাকৰিপাৰা জিলা পৰিষদ এলেকাৰ বাবে মানকাচৰৰ এখন বিশাল জনসভাত অংশগ্ৰহন কৰিব। একেদৰে ১৮ জানুৱাৰী দিনৰ প্ৰায় ১১ বজাত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ফেকামাৰী জিলা পৰিষদৰ কৰ্মীৰ সৈতে এখন কৰ্মী সভাত সাংসদ গৰাকী অংশগ্ৰহন কৰি উক্ত দিনা বিয়লি প্ৰায় ৩ বজাত দক্ষিণ শালমাৰা জিলা পৰিষদৰ বাবে টুমনীত এখন জনসভাত অংশগ্ৰহন কৰিব। সাংসদ গৰাকী নিৰ্বাচনত জয়ী হোৱাৰ পাচত দ্বিতীয় বাৰৰ মানকাচৰত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত একেৰাহে তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক লোকসভা নিৰ্বাচনত শোচনীয় ভাৱে পৰাস্ত কৰি ৰেকৰ্ড গঢ়া ৰকিবুল হুছেইন পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছী প্ৰাৰ্থী সকলক জয়ী কৰাব পাৰে নে নাই সেয়া নিৰ্বাচনৰ ফলাফলতহে স্পষ্ট হ’ব। বৰ্তমান কালাপানী জিলা পৰিষদৰ পৰা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী হিচাপে সাজিবুল হুচেইন মোল্লাৰ লগতে কেবাগৰাকী আশাবাদী প্ৰাৰ্থীয়ে নিজৰ নিজৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। মানকাচৰ বিধানসভা সমষ্টিৰ আন তিনিখন জিলা পৰিষদ এলেকাত আশাবাদী প্ৰাৰ্থী সকলে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰাৰ পূৰ্বেও ইতিমধ্যে কালাপানী জিলা পৰিষদত নিৰ্বাচনী বতাহ আৰম্ভ হৈছে। কালাপানী জিলা পৰিষদৰ পৰা শক্তিশালী প্ৰাৰ্থী হিচাপে প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান এআইইউডিএফৰ একমাত্ৰ আশাবাদী প্ৰাৰ্থী। কালাপানী জিলা পৰিষদ সমষ্টিটো মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰাৰ পাচত সাজিবুল হুছেইন মোল্লাই পত্নীক কংগ্ৰেছৰ পৰা আশাবাদী প্ৰাৰ্থী হিচাপে ইতিমধ্যে প্ৰচাৰ চলাই আছে। সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ কৰ্মী সাজিবুল হুছেইনৰ পত্নীক কংগ্ৰেছৰ টিকট দিলে প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানক পৰাস্ত কৰিব পাৰিব নে নাই তাকে লৈ সন্ধিহান ৰাইজৰ। মেৰিনা খান মানকাচৰৰ বৰ্তমানৰ বিধায়ক আমিনুল ইছলামৰ পত্নী তথা অন্যতম শক্তিশালী আশাবাদী প্ৰাৰ্থী।