ডিজিটেল সেৱা, কালাপানীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন পিছুৱাই যোৱাৰ পাছতো মানকাচৰত আজি এ আই ইউ ডি এফে কৰ্মী সভাৰ জৰিয়তে দলৰ শক্তি প্ৰদৰ্শন কৰে। পুনৰ জিলা পৰিষদৰ সভানেত্ৰীৰ পদ দখলৰ আশাৰে বিধায়ক পত্নী মেৰিনা খানে আজি নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে, ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে বিগত প্ৰায় দুমাহ ধৰি মানকাচৰৰ কালাপানী জিলা পৰিষদ এলেকাত আশাবাদী প্ৰাৰ্থীসকলে ৰাইজৰ মাজত নিজৰ প্ৰচাৰ ব্যাপকভাৱে আৰম্ভ কৰিছে। সময়মতে নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ ফলত একাংশ আশাবাদী প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ প্ৰচাৰকাৰ্য বন্ধ কৰি দিয়াৰ বিপৰীতে কালাপানীত আজি এ আই ইউ ডি এফে শক্তি প্ৰদৰ্শন কৰে।
যোৱা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পত্নী মেৰিনা খান জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। লোকসভা নিৰ্বাচনত প্ৰায়বোৰ সমষ্টিৰ তুলনাত মানকাচৰ সমষ্টিত বদৰুদ্দিন আজমল তুলনামূলক ভাৱে অতি কম ভোট পোৱাৰ লগতে ৰকিবুল হুছেইনৰ হাতত আজমল শোচনীয় ভাৱে পৰাস্ত হয়।
আজমলৰ শোচনীয় পৰাজয়ৰ পাছত এ আই ইউ ডি এফৰ ভৱিষত ৰাজনীতিক লৈ বুদ্ধিজীৱিৰ মাজত বিভিন্ন আলোচনা পৰ্যালোচনা আৰম্ভ হৈছিল। এনে পৰিস্থিতিৰ বাবে দলৰ একাংশ নেতা-কৰ্মী দলৰ ভৱিষ্যত ৰাজনীতিক লৈ শংকাত ভূগি থকাও দেখা পোৱা গৈছিল।
কিন্তু পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে মানকাচৰ বিধানসভা সমষ্টিৰ পঞ্চায়তসমূহত দলৰ ভেটি পুনৰ শক্তিশালী কৰাৰ বাবে বিধায়ক আমিনুল ইছলাম দিনে-নিশাই কৰ্মী সভা আৰু ৰাইজৰ মাজত থাকি মানকাচৰত দলটোক পুনৰ উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। এটা সময়ত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আন ১০ খন বিধানসভা সমষ্টিৰ ভিতৰত মানকাচৰ সমষ্টিৰ পৰা বদৰুদ্দিন আজমল ডেৰ লাখ ভোটৰ ভিতৰত নিজে ১ লক্ষাধিক ভোট লাভ কৰি তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
কিন্তু শেহতীয়া লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিত আজমলে কংগ্ৰেছ-অগপতকৈ অতি কম ভোট লাভ কৰি তৃতীয় স্থানত থাকিবলগীয়া হয়। কিন্তু পঞ্চায়ত নিৰ্বাচনত বিধায়ক আমিনুল ইছলামে কংগ্ৰেছৰ ঢৌ ৰূধিবলৈ অহৰহ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।
আজি কালাপানী জিলা পৰিষদ এলেকাক লৈ কালাপানীত অনুষ্ঠিত হোৱা বিশাল কৰ্মী সভাখনত কেইবা সহস্ৰাধিক লোকৰ সমাগম হয়। দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতাৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মেৰিনা খান আৰু বিধায়ক আমিনুল ইছলাম কৰ্মী সভাত উপস্থিত থাকে।
কৰ্মী সভাখনত ৰাইজৰ উপস্থিতি দেখি দলৰ নেতৃত্বই এক প্ৰকাৰে স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হয়। কেবা সহস্ৰাধিক লোকৰ উপস্থিতিত কালাপানী জিলা পৰিষদ সদস্যাৰ বাবে এ আই ইউ ডি এফৰ একমাত্ৰ আশাবাদী প্ৰাৰ্থী মেৰিনা খান পুনৰ নিৰ্বাচিত হলে জিলা পৰিষদৰ সভাপতিৰ পদ দখল কৰাটো নিশ্চিত বুলি কৰ্মী সভাখনত ভাষণ প্ৰদান কৰে।
বিধায়ক আমিনুল ইছলামে ভাষণৰ জৰিয়তে কালাপানীৰ ৰাইজক আন্তৰিক ধন্যবাদ জনাই পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিজন কৰ্মীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৰ্মীসকলক আহ্বান জনায়। ইফালে কেন্দ্ৰীয় সমিতিৰ পৰা অহা দলটোৰ একাংশ নেতা বিজেপিক কোনো ধৰণৰ সমালোচনা নকৰিলেও কংগ্ৰেছ আৰু অখিল গগৈক তীব্ৰ সমালোচনা কৰা দেখা যায়।
বিশেষকৈ উজনি সময়ত মিঞা সম্প্ৰদায়ৰ লোকক অত্যাচাৰ চলোৱা ঘটনাক লৈ অখিল গগৈ আৰু সাংসদ ৰকিবুল হুছেইন কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি অভিযোগ তুলি অখিল গগৈ, ৰকিবুল হুছেইন মিঞাৰ বাবে শত্ৰু বুলি দাবী কৰা পৰিলক্ষিত হয়।