Monday, February 17, 2025
Google search engine
গৃহস্থানীয়পত্নীৰ অবৈধ প্ৰেম ! স্বামীক হত্যা ! ৩ হত্যাকাৰীক গ্ৰেপ্তাৰ

পত্নীৰ অবৈধ প্ৰেম ! স্বামীক হত্যা ! ৩ হত্যাকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল সেৱাকালাপানীঃ মানকাচৰৰ কালাপানী-কোদালধোৱাত সংঘটিত আবু বক্কাৰ সেখ হত্যাকাণ্ডক লৈ কালাপানী আৰক্ষীয়ে আজি মূল অভিযুক্তসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, হত্যাৰ বলি হোৱা আবু বক্কাৰ সেখৰ পত্নী তথা স্বাস্থ্য বিভাগত কৰ্মৰত গাঁওখনৰ আশাকৰ্মী আজিৰন খাতুন আৰু পুত্ৰ আজগৰ আলীৰ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্ত ওচমান গণিক কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰে।

আদালতে আবু বক্কাৰৰ পত্নী আৰু পুত্ৰক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্ত ওচমান গণিক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে। ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা মূল অভিযুক্ত ওচমানক কালাপানী আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে। লক্ষণীয় যে, কোদালধোৱা গাঁৱৰ আবু বক্কাৰ সেখ নামৰ লোকজনৰ আশাকৰ্মী পত্নী আজিৰন খাতুনৰ মাজত যোৱা কেবামাহ ধৰি ঘৰুৱা কাজিয়া চলি আছিল।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন প্ৰান্তত শ্ৰমিক হিচাপে নিয়োজিত আবু বক্কাৰৰ পত্নী স্থানীয় সহিদুৰ ৰহমান নামৰ শিক্ষক এজনৰ সৈতে অবৈধ ভাৱে সম্পৰ্ক ৰক্ষা কৰি অহাৰ খবৰ পাইছিল আবু বক্কাৰে। বিভিন্ন জনে বক্কাৰক বিষয়টো অৱগত কৰাৰ লগতে নিজে দুবাৰ শিক্ষক জনৰ সৈতে নিজৰ পত্নীক আপত্তিজনক অৱস্থাতো দেখা পোৱা বুলি অভিযোগ পোৱা গৈছে।

আবু বক্কাৰে নিজৰ পত্নীৰ এই অবৈধ সম্পৰ্কৰ বিষয়টো গাওঁবাসীক অৱগত কৰাত ১৪ জানুৱাৰীত গাঁওখনত এখন গাওঁ সভা অনুষ্ঠিত কৰা হয়। কিন্তু পত্নীৰ ভাতৃ ওচমান গণিয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ ফলত গাওঁ সভাখন বাতিল কৰা হয়।

উক্ত দিনা নিশা প্ৰায় ৯.৩০ বজাত বক্কাৰক পত্নী আজিৰন খাতুন, পুত্ৰ আজগৰ আলীসহ পত্নীৰ জ্যেষ্ঠ ভাতৃ ওচমান গণিয়ে শাৰীৰিক ভাৱে প্ৰহাৰ কৰে। নিশা আবু বক্কাৰ অসুস্থ হৈ পৰাৰ পাছত বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত মৃত্যু মুখত পৰে।

পুত্ৰ, পত্নী আৰু পত্নীৰ ভাতৃৰ প্ৰহাৰত আবু বক্কাৰ প্ৰাণ হেৰুওৱা বুলি বক্কাৰৰ পৰিয়ালে অভিযোগ তুলি মুঠ ৮ জনৰ বিৰুদ্ধে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ৮ অভিযুক্তৰ ভিতৰত পত্নী আজিৰন খাতুন, পুত্ৰ আজগৰ আলী আৰু পত্নীৰ ভাতৃ ওচমান গণিক গ্ৰেপ্তাৰ কৰে।

ইফালে বাকী অভিযুক্তৰ ভিতৰত অবৈধ সম্পৰ্কৰে নাম সাঙুৰ খোৱা শিক্ষক সহিদুৰ ৰহমানক আৰক্ষীয়ে এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই। জানিব পৰা মতে, বুধবাৰে আৰক্ষীয়ে বক্কাৰৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা দুটি শিশুসহ মুঠ ৬ জনক উদ্ধাৰ কৰি আনিছিল।

পৰিস্থিতি উত্তপ্ত হোৱা বাবে ঘটনাস্থলীৰ পৰাই ওচমান গণি আৰু আজগৰ আলী পলায়ন কৰিছিল। কিন্তু নিশাই আজগৰ আলী আৰু ওচমান গণিয়ে আৰক্ষী থানাত আত্মসমৰ্পন কৰাত আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি অনা হত্যাৰ অভিযুক্ত আশাকৰ্মী পত্নী আজিৰনক গ্ৰেপ্তাৰ কৰি বাকী ৬ জনক ঘৰলৈ যাবলৈ দিয়া হয়।

অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা শিক্ষক জনৰ বাবে আবু বক্কাৰে পত্নী, পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ তুলি শিক্ষক সহিদুৰ ৰহমানক গ্ৰেপ্তাৰৰ দাবী জনাইছে। ইফালে বুধবাৰেই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা আবু বক্কাৰৰ মৃতদেহ আজি সন্ধিয়া ৬ বজাত কালাপানী আৰক্ষী চকীলৈ আনি পৰিয়ালৰ হাতত চমজাই দিয়া হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments