ডিজিটেল সেৱা, মানকাচৰঃ মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত আজি দিনজোৰা কাৰ্যসূচীৰে ৪৫ নং বেটেলিয়ান বিএছএফে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে ৫ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰে।
উল্লেখযোগ্য যে ৪৫ নং বেটেলিয়ান বিএছএফে সাহাপাৰা বিএছএফ কেম্পৰ উদ্যোগত আজি পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। সাহাপাৰা বিএছএফ কেম্পত অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাচত চাৰিজনীয়া বিশেষ চিকিৎসকৰ দলে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলক ঔষধ বিতৰণ কৰে। আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকৰ সৈতে বিএছএফে সু-সম্পৰ্ক গঢ়ি তুলি সীমান্তত সংঘটিত বিভিন্ন অপৰাধ দমনৰ বাবে বিএছএফে প্ৰতিবছৰে সীমান্তৰ বিভিন্ন এলেকাত এইদৰে ছিভিক একশ্যন কাৰ্যসূচীৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। ৪৫ নং বেটেলিয়ান বিএছএফে যোৱা বছৰো কেবাটাও ছিভিক একশ্বন কাৰ্যসূচীৰ জৰিয়তে সীমান্তৱৰ্তী লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰিছিল।