ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ বুধবাৰে গুৱাহাটীত ৰাজনৈতিক দলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি আহত কৰা ঘটনাক লৈ হাটশিঙিমাৰীত আজি জিলাখনৰ সাংবাদিক সকল তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ সৰ্ববৃহৎ সংবাদিক সন্থা ভাৰতীয় পত্ৰকাৰ সংঘৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ উদ্যোগত সংবাদিক সকলে ক’লা বেজ পৰিধান কৰি এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে তীব্ৰ গৰিহণা দিয়া হয়। জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেছ ক্লাবৰ সম্মুখত জিলাখনৰ সংবাদিক সকল একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত অসুস্থ হোৱা সাংবাদিক সকলক বিনামুলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ ভিন্ন জিলাত কৰ্মৰত প্ৰতিজন সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতীয় পত্ৰকাৰ সংঘৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে কৰিবলৈ চৰকাৰক দাবী জনায়। অনাগত দিনত আৰক্ষীয়ে এনে ঘটনা সংঘটিত কৰিলে সংবাদিক সকল কলম এৰি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলিও সংবাদিক সকলে চৰকাৰক ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হয়।