ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ বিকাশৰ ১২ দিন শীৰ্ষক অনুষ্ঠানৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মানকাচৰত উপস্থিত হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰী গৰাকী কালি বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা হৈ মানকাচৰ জিলা অগপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে এক চমূ বৈঠকত অংশগ্ৰহন কৰি পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা কৰে। প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ উপস্থিতিত মন্ত্ৰী গৰাকী অগপৰ কাৰ্যালয়ত দলীয়া কৰ্মীৰ সৈতে আলোচনাৰ পাচত সন্ধিয়া প্ৰায় ৭ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে। পৰ্যালোচনা সভাখনত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধাক জাবেদ ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী সহ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকি বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ সমস্যা আৰু সমাধানক লৈ আলোচনা কৰে। উন্নয়নমূলক প্ৰতিটো কাম জিলাখনত ক্ষীপ্ৰতাৰে সমাপ্ত কৰিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশনা প্ৰদান কৰে। বিশেষকৈ জিলাখনৰ একমাত্ৰ লাইফ লাইন সদৃশ হাটশিঙিমাৰী-মানকাচৰ সংযোগী একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ বিধস্ত পথটো পুনৰ নিৰ্মাণক লৈ বিশেষ ভাৱে আলোচনা কৰা হয়। পৰ্যালোচনা সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত মন্ত্ৰী কেশৱ মহন্তই কয়- জিলাখনৰ লাইফ লাইনসদৃশ একমাত্ৰ পথটো নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব। ইতিমধ্যে কামৰ বাবে নিবিদা সম্পন্ন হোৱা কামটো কি কাৰণে আগবঢ়া নাই তাক লৈও মন্ত্ৰী গৰাকীয়ে এইবাৰ বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি সংবাদমাধ্যম যোগে জিলাবাসীক একপ্ৰকাৰে আশ্বাস দিয়া পৰিলক্ষিত হয়। ইয়াৰ পাচত প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পেলাই হাটশিঙিমাৰী আৱৰ্ত ভৱনত নিশা কটোৱাৰ পাচত আজি পুৱাৰ ভাগত হাটশিঙিমাৰীৰ দাফাদাৰপাৰাত এখন মডেল অংগনাবাড়ী কেন্দ্ৰ মুকলি কৰে। পুৱা প্ৰায় ৮.৩০ বজাত মডেল অংগনাড়ী কেন্দ্ৰখন মুকলি কৰাৰ পাচত অসম-মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰী-টানগাওঁ এলেকাত পুৱা প্ৰায় ৯ বজাত এখন উপস্বাস্থ্য কেন্দ্ৰ আনুষ্ঠিনক ভাৱে মুকলি কৰে। ইয়াৰ পাচত কঠালবাৰীত স্থায়ী ভাৱে নিৰ্মাণ কৰা জিলা পৰিবহন বিভাগৰ কাৰ্যালয় গৃহটো মন্ত্ৰী কেশৱ মহন্তই পুৱা প্ৰায় ১০.৩০ বজাত আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে।
দিনৰ প্ৰায় ১১ বজাত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা কাৰ্যসূচী অংশগ্ৰহন কৰে। জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩৬৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে। শুভাৰাম্ভ হিচাপে ৬ গৰাকী শিক্ষাৰ্থীক আজি মন্ত্ৰী গৰাকী নিজে আনুষ্ঠানিক ভাৱে স্কুটী বিতৰণ কৰে। তদুপৰি একেখন কাৰ্যসূচীৰ জৰিয়তে ২৫৯ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ১২৫০০ টকাকৈ চেক বিতৰণ কৰে। একেদৰে চৰকাৰী হাই স্কুলত অধ্যয়নৰত নৱম শ্ৰেনীৰ ৪১৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বাই ছাইকেল বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি আনুষ্ঠানিক ভাৱে ১০ গৰাকী নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক বাই চাইকেল আৰু ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ চেক বিতৰণ কৰা হয়। মন্ত্ৰী গৰাকীৰ দুদিনীয়া কাৰ্যসূচীত বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জিলা আৰক্ষী অধীক্ষক হৰেন টকবী উপস্থিত আছিল।
দিনৰ প্ৰায় ১২ বজাত বিতৰণ কাৰ্যসূচীৰ সামৰণি পৰাত দুপৰীয়া ১ বজাত হাটশিঙিমাৰীত অগপৰ এক কৰ্মী সভাত মন্ত্ৰী কেশৱ মহন্ত অংশগ্ৰহন কৰে। আগন্তক পঞ্চায়ত নিৰ্বাচনত কিদৰে গাঁৱে গাঁৱে ৰাইজৰ কাষত গৈ নিৰ্বাচনী প্ৰচাৰ চলাব তাক লৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নেতৃত্বত অনুষ্ঠিত হোৱা অগপৰ এই কৰ্মী সভাখনৰ জৰিয়তে মন্ত্ৰী গৰাকী কয়, দলীয় কৰ্মীৰ মাজত যদি কোনো বিবাদ থাকে এতিয়াও নিজে নিজে ঠিক কৰি লৈ পঞ্চায়ত নিৰ্বাচনত শক্তিশালী ৰূপত কাম চলাই নিয়ক। উল্লেখ কৰিব লাগিব যে, কালি সন্ধিয়া প্ৰায় ৬.৩০ বজাত মন্ত্ৰী কেশৱ মহন্ত হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পাচত অগপৰ দুটা ফৈদৰ মাজত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হৈছিল। খাৰুৱাবান্ধা আৰক্ষীয়ে পৰিবেশ নিয়ন্ত্ৰণলৈ আনিবলগীয়া হৈছিল। মন্ত্ৰী অহাৰ বাবে হাটশিঙিমাৰীত স্থাপন কৰা গেটত মুস্তা আবেদিন নামৰ অগপৰ যুৱ পৰিষদৰ জিলা সভাপতি জনে নিজৰ ফটো ব্যৱহাৰ কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়ক জাবেদ ইছালমৰ ফটো ব্যৱহাৰ নকৰা লৈ দুই ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল। এই প্ৰসংগক লৈ মন্ত্ৰী গৰাকী আজি কৰ্মী সভাখনত নিজৰ মাজত বিবাদ নিজে ঠিক কৰি দল শক্তিশালী কৰাৰ আহ্বান জনায়।
ইফালে দিনৰ প্ৰায় ২.৩০ বজাত পুনৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজন কৰা আন এখন চৰকাৰী কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত অংশগ্ৰহন কৰে। যত বান আৰু বিভিন্ন দূৰ্যোগত ক্ষতিগ্ৰস্ত ৭৪৫২ টা পৰিয়ালক ১ কোটি ৭০ লাখ ৪৮ হেজাৰ ৯১২ টকাৰ চেক বিতৰণৰ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ১.২০ লাখ টকাৰ চেক বিতৰণ কৰে। চেক লাভ কৰা হিতাধিকাৰীয়ে পুনৰ সংস্থাপনৰ বাবে ১.২০ লাখ টকাৰ চেক লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ নিবেদন কৰে। এই কাৰ্যসূচীৰ সামৰণিৰ পাচত তেওঁ একেটা কাৰ্যসূচীত জিলাখনৰ ৪১ খন আত্মসহায়ক গোটক পিএমএইএমই আঁচনিৰ অধীনত ৪০ হেজাৰকৈ মুঠ ১৫.৯২ লাখ টকাৰ চেক বিতৰণ । মন্ত্ৰী গৰাকীয়ে উদ্ধোধনী হিচাপে ৫টা গোটক ৪০ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে। মন্ত্ৰী কেশৱ মহন্তৰ এই চেক বিতৰণ কাৰ্যসূচীত বিধায়ক আমিনু ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়া সকল উপস্থিত আছিল। ইয়াৰ পাচত বিয়লি প্ৰায় ৪ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত জাবেদ ইছলামে পত্নী হাছিনা ইছলামৰ নামত নিৰ্মাণ কৰা হাছিনা পাৰ্ক পৰিদৰ্শন কৰি পুনৰ তুৰা হৈ গুৱাহাটীলৈ ৰওনা হয়। মন্ত্ৰী গৰাকী দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহন কৰাত এই দুদিন জিলাখনৰ বাবে বিশেষ দিন বুলি তেওঁ নিজে সাংবাদিকৰ আগত দাবী কৰে। ইফালে এক দেশ এক নিৰ্বাচনক লৈও তেওঁ নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয়, এক দেশ এক নিৰ্বাচনত কংগ্ৰেছে বিৰোধিতা কৰাটো ডাঙৰ কথা নহয়, কংগ্ৰেছ ইমাৰ্জেঞ্চি অনা দল, গতিকে এক দেশ এক নিৰ্বাচনত কংগ্ৰেছে বিৰোধীতি কৰাটো কোনো ডাঙৰ কথা নহয়। এক দেশ এক নিৰ্বাচনৰ ফলত নিৰ্বাচনৰ সময়ত চৰকাৰৰ বৃহত ধন ৰাহি হব। একেদৰে ৰাইজে একেলগে একেটা সময়ত ৫ বছৰৰ মুৰত এবাৰত জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰিব বুলি তেওঁ দাবী কৰে। পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অধিসূচনা জাৰি হব। জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ পদৰ বাহিৰে সভাপতি আৰু গাওঁ পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত কোনো দলীয় চিহ্ন নাথাকিব বুলিও তেওঁ সদৰি কৰিছে।