ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত অলপতে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ নতুন সদস্য ভৰ্তিক লৈ এখন আলোচনা সভা অনুষ্ঠিত কৰাৰ লগতে এনএছএছৰ নতুন সদস্যক কীট বিতৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এনএছএছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যবাহী বিষয়া ড০ আব্দুল কৰিম সেখৰ নেতৃত্বত হাটশিঙিমাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত যোৱা ৩ ডিচেম্বৰত নতুন সদস্য ভৰ্তিক লৈ এক আলোচনা সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম, বৰপেটীৰ লুইতপৰীয়া মহাবিদ্যালয়ৰ এনএছএছ গোটৰ কাৰ্যবাহী বিষয়া ড০ চামছুল আলম সৰোৱাৰ্থী, সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া শিক্ষক আব্দুৰ ৰেজ্জাক, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক জেইল হুছেইন উপস্থিত আছিল। ২০২৪-২৫ বৰ্ষৰ বাবে হাটশিঙিমাৰী এনএছএছ গোটত নতুন সদস্য ভৰ্তিক লৈ অনুষ্ঠিত এই আলোচনা সভাখনত লুইতপৰীয়া মহাবিদ্যালয়ৰ এনএছএছ গোটৰ কাৰ্যবাহী বিষয়া ড০ চামছুল আলম সৰোৱাৰ্থী গবেষক হিচাপে উপস্থিত আছিল। এই আলোচনা চক্ৰৰ জৰিয়তে এনএছএছৰ কাম-কাজ আৰু ভূমিকাক লৈ বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। ইয়াৰ পাচত নতুনকৈ ভৰ্তি কৰা সদস্য সকলক এনএছএছৰ কীট বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। আন আন বছৰৰ দৰে এইবেলিও ২০২৪-২৫ বৰ্ষৰ বাবে হাটশিঙিমাৰী মহাবিদ্যালয় এন এছ এছ গোটত ৫০ জন সদস্যক নতুনকৈ ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ৩৭ জন সদস্যক আলোচনাচক্ৰৰ জৰিয়তে এনএছএছ কীট সমূহ বিতৰণ কৰা হৈছে।