ডিজিটেল সেৱা, মানকাচৰঃ দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মানকাচৰত উপস্থিত হৈছে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত । গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা হৈ মন্ত্ৰীগৰাকী মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত মানকাচৰ অগপ কাৰ্যালয়ত উপস্থিত হয়।
মন্ত্ৰী কেশৱ মহন্তই অগপৰ কাৰ্যালয়ত প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু দলীয় কৰ্মীৰ সৈতে পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন আলোচনা কৰে। ইয়াৰ পাচত ভাৰত-বাংলাদেশ সীমান্ত পথেৰে সন্ধিয়া প্ৰায় ৭ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
জিলাৰ উন্নয়ন আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ন সম্পৰ্কে পৰ্যালোচনা সভাত আলোচনা কৰা হয়। এই পৰ্যালোচনা সভাখনত মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা আৰক্ষী অধীক্ষক হৰেন টকবীসহ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাখনক মৎস জিলা হিচাপে বিভিন্ন আঁচনি গ্ৰহন কৰা হ’ব। হাটশিঙিমাৰী-মানকাচৰ সংযোগী বিধ্বস্ত পথটো পুনৰ নিৰ্মাণৰ বাবে সকলো কাম আগবাঢ়ি আছে যদিও কিছু সমস্যা হোৱাৰ বাবে কাম কৰিব পৰা হোৱা নাই।লোক নিৰ্মাণ বিভাগ আৰু মুখ্যমন্ত্ৰীৰে আলোচনা কৰি পথ নিৰ্মাণৰ কাম সমাধান কৰা হ’ব। তদুপৰি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটীখন শিক্ষাৰ্থীসকলক মহাবিদ্যালয়লৈ অধ্যয়নৰ বাবেহে প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ডেৰ শতাধিক মেধাৱী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতা বঁটা প্ৰদান কৰা হ’ব। য’ত মন্ত্ৰীগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক স্কুটী বিতৰণ কৰিব।লক্ষণীয় যে, জিলাখনত চলি থকা সকলো উন্নয়নমূলক কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা সভাখনৰ জৰিয়তে সকলো বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে। চৰকাৰী উন্নয়নমূলক কামৰ ক্ষেত্ৰত থকা সকলো সমস্যা পৰ্যালোচনা সভাৰ জৰিয়তে সমাধান কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত দাবী কৰিছে।