Thursday, September 11, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত মেধাৱী শিক্ষাৰ্থীক বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

মানকাচৰত মেধাৱী শিক্ষাৰ্থীক বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- বিভিন্ন কাৰ্যসূতী ৰূপায়নৰ বাবে মঙলবাৰে সন্ধিয়া মানকাচৰত উপস্থিত হৈছিল ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত । বুধবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে এটা মডেল অঙ্গনবাদী কেন্দ্ৰ, জিলা পৰিবহন বিভাগৰ কাৰ্যালয়, এটা উপ স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰে।

ইয়াৰ পিছত মন্ত্ৰী গৰাকী খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা প্ৰশাসনে আয়োজন কৰা বঁটা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মেধাৱী ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰা হয় । বঁটা বিতৰণি সভাত অংশ গ্ৰহণ কৰি সভাত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি ভাষন প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

সভাত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা,আৰক্ষী অধীক্ষক সহ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

মন্ত্ৰী গৰাকীয়ে জিলাখনত বাণীকান্ত কাকতি বটাঁৰ বাবে নিৰ্বাচিত ৬ গৰাকী শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰি বঁটা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনত মুঠ ৩৬৬ গৰাকী মেধাবী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰা হ’ব। একেদৰে ১০ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰি চাইকেল বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে।

জিলাখনত নৱম শ্ৰেণীৰ মুঠ ৪১৬৮ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হ’ব। আনহাতে আনন্দ ৰাম বৰুৱা বঁটা প্ৰাপ্তক ২৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত নগদ ১২,৫০০ টকাৰ চেক বিতৰণ কাৰ্যসূচীৰো শুভ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments