Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত বিস্ফোৰক ৰখা কাণ্ডৰ লগত জড়িত আন এজনক গ্ৰেপ্তাৰ

মানকাচৰত বিস্ফোৰক ৰখা কাণ্ডৰ লগত জড়িত আন এজনক গ্ৰেপ্তাৰ

ডিজিটেল সেৱা, মানকাচৰঃ- দুদিন পূৰ্বে মানকাচৰৰ বৰবিলা আমটেঙা গাঁৱত আৰক্ষীয়ে বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ কৰি এজনক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই বুধবাৰে বিস্ফোৰক সৰবৰাহকাৰী আন এজনক গ্ৰেপ্তাৰ কৰিছে।

১৫ ডিচেম্বৰৰ মাজনিশা প্ৰায় ১২ বজাত গোপন সুত্ৰৰ ভিত্তিত জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত কালাপানী আৰক্ষীয়ে আমটেঙা গাঁৱত অভিযান চলাই ইজাজুল মিঞা (৪০) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি তেঁওৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল। ১৬ ডিচেম্বৰত হাটশিঙিমাৰী আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে ৫ দিনৰ জিম্মাত আৰক্ষীয়ে নিয়াৰ পাচত মানকাচৰ আৰক্ষী জিলা আৰক্ষীৰ সহযোগত ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।

ইজাজুল মিঞাক মাৰাথন জেৰা চলোৱাৰ পাচত জিলাখনৰ সুখচৰ থানা এলেকাৰ উজান বজ্ৰা (খোপাতীয়া ১ম খণ্ড)ৰ আক্ৰামুজ্জামান সেখ ওৰফে বাবু নামৰ বিস্ফোৰক সৰবৰাহকাৰীৰ নাম পোহৰলৈ আহে। জিলা আৰক্ষীৰ নিৰ্দেশত মানকাচৰ আৰক্ষী মঙলবাৰে নিশা মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰ জিলাৰ খ্লেৰিহাটী এলেকাত অভিযান চলায়।

আৰক্ষীয়ে আক্ৰামূজ্জামানক কৰায়ত্ব কৰি বুধবাৰে মানকাচৰ থানাত জেৰা চলায়। জেৰাৰ পাচত বিস্ফোৰক খিনি তেওঁ ইজাজুল মিঞাক সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।

আৰক্ষীয়ে ইতিমধ্যে ইজাজুল মিঞাৰ বিৰুদ্ধে ২২১/২০২৪ নম্বৰত পঞ্জীয়ন কৰা গোচৰৰ অধীনত আক্ৰামূজ্জামান সেখক গ্ৰেপ্তাৰ কৰিছে। আজি আক্ৰামূজ্জামানক গ্ৰেপ্তাৰৰ পাচত হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰা হৈছিল।

আৰক্ষীয়ে ঘটনাৰ অধিক তদন্তৰ বাবে আক্ৰামূজ্জামানক আদালতৰ পৰা তিনি দিনৰ জিম্মাত বিচৰাত আদালতে আৰক্ষীৰ জিম্মাত দিছে। মানকাচৰ আৰক্ষীয়ে আক্ৰামূজ্জামান আৰু ইজাজুল মিঞাক জেৰা অব্যাহত ৰাখিছে। কিয় আৰু ক’ৰ পৰা এই বিস্ফোৰক খিনি আনি ইজাজুলে ঘৰত ৰাখিছিল সকলো তথ্য উদঘাটনৰ বাবে জিলা আৰক্ষীয়ে অনুসন্ধান আৰু তৎপৰতা তীব্ৰতৰ কৰি তুলিছে।

লক্ষণীয় যে, অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত পাহাৰৰ শীল ভঙা কামৰ বাবে বিস্ফোৰক খিনি ইজাজুলে নিজৰ ঘৰলৈ আনিছিল বুলি প্ৰাথমিক পৰ্যায়ত পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। ইফালে আজিৰ দিনটোত কোকৰাঝাৰ আৰু ধুবুৰীত জেহাদী ধৰা পৰা ঘটনাক লৈ মানকাচৰ আৰক্ষীয়ে ধৃত আক্ৰামুজ্জামান আৰু ইজাজুলক কঠোৰ জেৰা চলাই থকা পৰিলক্ষিত হৈছে।

আৰক্ষীৰ তদন্তৰ পাচতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব যদিও দীৰ্ঘদিনৰ পৰা এটা চক্ৰই অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ গাৰো পাহাৰত শিল, বল্ডাৰ ভঙা কামত অবৈধ ভাৱে বিস্ফোৰণ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। পূৰ্বেও জিলাখনত শিল ভঙা কামৰ বাবে ব্যৱহাৰ কৰা অবৈধ বিস্ফোৰক উদ্ধাৰ হৈছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments