Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ কোকৰাডাঙা-শিশুমাৰা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প পৰ্যবেক্ষণ আয়ুক্তৰ

হাটশিঙিমাৰীৰ কোকৰাডাঙা-শিশুমাৰা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প পৰ্যবেক্ষণ আয়ুক্তৰ

ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা কোকৰাডাঙা শিশুমাৰা (বিঅপি) খোৱাপানী যোগান আঁচনি পৰ্যবেক্ষণ জিলা আয়ুক্তৰ ।ফাইভ ষ্টাৰ আঁচনিৰূপে গঢ়ি তোলাৰ বাবে জিলা আয়ুক্তই আঁচনিখন পৰ্যবেক্ষণ কৰি বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, অলপতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা কোকৰাডাংগা শিশুমাৰা (বি.অ.পি) খোৱাপানী যোগান আঁচনিখন পৰ্যবেক্ষণ কৰি পানী উপভোক্তা সমিতি, জলমিত্ৰ, পানী পৰীক্ষা কৰা ৫ জনীয়া FTK মহিলা গোট, আশাকৰ্মী,  অংগনবাড়ী কৰ্মী আৰু উপভোক্তা সকলৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ ভিতৰত অন্যতম এই আঁচনিখন ফাইভ ষ্টাৰ আঁচনি ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়ুক্ত গৰাকীয়ে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰে।

লক্ষণীয় যে, হাটশিঙিমাৰী জিলা প্ৰশাসনৰ পৰা জিলা আয়ুক্তকে ধৰি সৰ্বমুঠ ২২ গৰাকী বিষয়াৰ ভিতৰত ১০ গৰাকী প্ৰশাসনিক বিষয়া আৰু ১২ গৰাকী বিভাগীয় বিষয়াই একোটাকৈ পানী যোগান আঁচনি হাতত লৈ আচঁনিসমূহ ফাইভ ষ্টাৰ পৰ্যায়লৈ পৰ্যবেক্ষিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে । আঁচনিখন সুন্দৰভাৱে পৰিচালনা কৰি ৰাইজক প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান ধৰা,  মাহিলী নুন্যতম শুল্ক আদায় দিয়া,  FHTC ৰ কাষত প্লেটফৰ্ম আৰু পানী শোষক গাঁত বনাই লোৱা আদি কাম অন্যতম ।

ফলত আচঁনিসমূহ ভৱিষ্যতে দীৰ্ঘদিন কাৰ্য্যক্ষম কৰি ৰাখিব পৰা যাব আৰু ৰাইজে এনে আঁচনিৰ পৰা  বিশুদ্ধ খোৱাপানী যোগান পাই থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। শিশুমাৰা বিশুদ্ধ খোৱাপানী আঁচনি পৰ্যবেক্ষণৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা ৰাহুল কুমাৰ,  জিলা সমন্বয়ক সাহিনুৰ ইছলাম (আই.ই.চি) আৰু ৰহিমা খাতুন (আই.এচ.এ),  পঞ্চায়ত সচিব কামাল উদ্দিন আহমেদ আৰু আঁচনি খনৰ শাখা বিষয়া ইমামূল হক আহমেদ উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments