ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত চৌহদত কালি ২০২৪ চনৰ অন্তিম লোক আদালত অনুষ্ঠিত কৰা হয়। বছৰৰ অন্তিম লোক আদালতৰ জৰিয়তে জিলাখনত এইবেলি জৰিয়তে মুঠ ১ হেজাৰ গোচৰ নিষ্পত্তি হোৱাত ২ কোটি ৫৯ লাখ ৭২ হেজাৰ ৪১১ টকা সংগ্ৰহ কৰা হৈছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে ফেকামাৰীস্থিত হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত কালি দিনজোৰা কাৰ্যসূচীৰে হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালত চৌহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালত। এই লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদিকে ধৰি বিভিন্ন গোচৰ ব্যয়হীনভাৱে খৰতকীয়াকৈ নিস্পত্তি কৰা হয় । তদুপৰি বেংকৰ লেন-দেন, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহ নিস্পত্তি কৰা হয়। এই লোক আদালতৰ জৰিয়তে ৭৪০ টা বেংকৰ গোচৰৰ ভিতৰত ৩৪ টা গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৩০০০ টা গোচৰৰ ভিতৰত ৮০২ টা গোচৰ নিষ্পত্তি কৰা হৈছে। একেদৰে ৫৮ টা ফৌচদাৰী গোচৰৰ ভিতৰত ৩ টা গোচৰ নিষ্পত্তি হোৱাৰ লগতে বৈবাহিক সম্পৰ্কীয় ৫৪ টা গোচৰৰ ভিতৰত ১৭ টা গোচৰ নিষ্পত্তি কৰা হৈছে। আনহাতে ১৪ টা দেৱানী গোচৰৰ ভিতৰত ৬ টা আৰু ২৪৬ টা যান-বাহন আইন সম্পৰ্কীয় গোচৰৰ ভিতৰত ১৩৩ টা গোচৰ সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা হয়। জিলাখনত মটৰ দূৰ্ঘটনা দাবী ন্যায়াধিকৰণ (Motor Accident Claims Tribunal)ৰ ১০ টা গোচৰৰ ভিতৰত ৫ টা গোচৰ নিস্পত্তি কৰা হৈছে।
লক্ষণীয় যে জিলাখনত মুঠ ৩৭৮০ টা প্ৰাক-মোকৰ্দমা গোচৰৰ গোচৰৰ ভিতৰত ৮৩৬ টা গোচৰৰ আজি নিষ্পত্তি হোৱাত এই গোচৰ কেইটাৰ পৰা মুঠ ১ কোটি ৩২ লাখ ৭ হেজাৰ ১১১ টকা সংগ্ৰহ হৈছে। আনহাতে মুঠ ৩৮৬ টা অমীমাংসিত গোচৰৰ ভিতৰত আজি ১৬৪ টা গোচৰ নিষ্পত্তি হোৱাত এই গোচৰ কেইটাৰ পৰা ২৭ লাখ ৬৫ হেজাৰ ৩০০ টকা সংগ্ৰহ হৈছে। আজি লোক আদালতৰ জৰিয়তে জিলাখনত মুঠ ৪১৬৬ টা গোচৰৰ ভিতৰত মুঠ ১০০০ টা গোচৰ নিষ্পত্তি হোৱাত গোচৰ কেইটাৰ পৰা মুঠ ১ কোটি ৫৯ লাখ ৭২ হেজাৰ ৪১১ টকা সংগ্ৰহ হৈছে বুলি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাই জানিবলৈ দিছে। লক্ষণীয় যে বিগত প্ৰায় ৮ বছৰ পূৰ্বে গঠন হোৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়াৰ জৰিয়তে জিলাখনত প্ৰতিটো লোক আদালতৰ জৰিয়তে বহু গোচৰ নিসষ্পত্তি কৰিবলৈ সক্ষম হৈছে। বছৰটোত মুঠ চাৰিটাকৈ অনুষ্ঠিত হোৱা লোক আদালতৰ জৰিয়তে ১৮৬৫০ টা গোচৰৰ ভিতৰত ৫৭৬৬ টা গোচৰ নিষ্পত্তি হোৱাত মুঠ ৭ কোটি ৩৪ লাখ ১৭ হেজাৰ ৩২৯ টকা সংগ্ৰহ কৰা হৈছে। ২০২৪ বৰ্ষত জিলাখনত সৰ্বাধিক গোচৰ মিমাংসা হৈ সৰ্বাধিক টকা সংগ্ৰহ হৈছে বুলি জানিব পৰা গৈছে।