Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত ১২৭ টা নতুন ৰেচন কাৰ্ড বিতৰণ । ১০৪২৯ টা পৰিয়ালত...

মানকাচৰত ১২৭ টা নতুন ৰেচন কাৰ্ড বিতৰণ । ১০৪২৯ টা পৰিয়ালত ১৫৮১৯ জন হিতাধিকাৰীক নতুনকৈ অন্তৰ্ভূক্ত

ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীত আজি নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে নতুন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰাম্ভ কৰা হয়।

    উল্লেখযোগ্য যে, হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু প্ৰাক্তন বিধায়ক জাবেদ ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। জিলাখনত মুঠ ১২৭ টা নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহন কৰিছে। ইয়াৰে আজি আনুষ্ঠানিক ভাৱে ৭ টাকৈ পৰিয়ালক আনুষ্ঠিনক ভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। লক্ষণীয় যে, জিলাখনৰ একমাত্ৰ ১১ নং মানকাচৰ বিধানসভা সমষ্টিত এইবেলি ১০৪২৯ টা পৰিয়ালত ১৫৮১৯ গৰাকী হিতাধিকাৰীক নতুনকৈ সংযোজন কৰা হৈছে। ফলত ১৫৮১৯ গৰাকী হিতাধিকাৰী এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জানিবলৈ দিছে। ইফালে নতুনকৈ দিবলগীয়া ১২৭ টা ৰেচন কাৰ্ডৰ ভিতৰত ৭২ টা ৰেচন কাৰ্ড বিতৰণৰ বাবে ৰাজ্য চৰকাৰৰ যোগান বিভাগে ইতিমধ্যে অনুমোদন দিয়াৰ বিপৰীতে বাকী ৫৫ টা ৰেচন কাৰ্ড পৰ্যবেক্ষণত ৰাখিছে বুলি যোগান বিভাগৰ পৰা জানিবলৈ দিছে।

    লক্ষণীয় যে, হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰ্চুৱেল পদ্ধতিত শুভ উদ্ধোধন কৰাৰ পাচত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে মানকাচৰ বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। কাৰ্ড সমূহ বিতৰণৰ পূৰ্বে মুখ্য অতিথি বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা ভাষণ প্ৰদান কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments