ডিজিটেল নিউজ, মানকাচৰঃ– দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ কুকুৰমাৰাত আজি বিয়লি প্ৰায় ৪ বজাত দুখন টেম্পোৰ মাজত মুখামুখী সংঘৰ্ষ হৈ এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে চালক সহ তিনিজন আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।
উল্লেখোযোগ্য যে, এএছ ১৯ এ চি ৩১২৩ নম্বৰৰ যাত্ৰীবাহী টেম্পো গাড়ীখন কেবাগৰাকী যাত্ৰী সহ হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত মানকাচৰৰ পৰা হাটশিঙিমাৰী অভিমুখে আহি থকা এএছ ২৮ চি ৬৬০২ নম্বৰৰ মালবাহী টেম্পো গাড়ী এখনৰ সৈতে মুখামুখী সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ফেৰাংগীৰচৰ গাঁৱৰ আছিজন বিবি নামৰ মহিলা যাত্ৰীজনী থিতাতে নিহত হয়। আনহাতে মানকাচৰ থানা এলেকাৰ অধীনস্থ উৰাৰভূই গাঁৱৰ প্ৰয়াত কুৰান আলী খন্দকাৰৰ পুত্ৰ তোফাজ্জল হুছেইন খন্দকাৰ (৭৫) আৰু টেম্পো চালক সহ মুঠ তিনিজন আহত হয়। দূৰ্ঘটনাৰ পাচত দুয়োখন টোম্পোৰ চালক আঘাতপ্ৰাপ্ত অৱস্থাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়াৰ লগতে আহত দুজনক গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। ইয়াৰে তোফাজ্জল হুছেইনৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক উন্নত চিকিতসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে দুয়োখন টেম্পো জব্দ কৰাৰ লগতে আফিজা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে।