Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ৫টা চুটি খবৰ !

মানকাচৰৰ ৫টা চুটি খবৰ !

(১) মানকাচৰৰ কুকুৰমাৰাত আজি দুখন টেম্পোৰ মাজত মুখামুখী সংঘৰ্ষ হৈ এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে চালক সহ তিনিজন আহত হৈছে। নিহত মহিলা গৰাকীক সুখচৰৰ ফেৰাংগীচৰ গাঁৱৰ আছিজান বিবি বুলি চিনাক্ত কৰা হৈছে। আহত তিনিজনৰ ভিতৰত উৰাৰভুই গাঁৱৰ তোফাজ্জল হুছেইন খন্দকাৰৰ অৱস্থা সংকটজন হোৱা বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। দূৰ্ঘটনা সংঘটিত কৰা দুয়োখন টেম্পোৰ চালক পলায়ন কৰাত আৰক্ষীয়ে টেম্পো দুখন জব্দ কৰিছে। এখন টেম্পোত যাত্ৰী থকাৰ লগতে আন এখন টেম্পোৰে সামগ্ৰী কঢ়িয়াই অনা হৈছিল।

(২) অসম-মেঘালয় সীমান্তৱৰ্তী মানকাচৰৰ ৰামভোলাপাৰাত আজি এগৰাকী ৫৩ বছৰীয়া লোকৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটি ৰুকনু কুমাৰ হাজং বুলি চিনাক্ত কৰা হৈছে। লোকজনক কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিলে নেকি তাক লৈ মানকাচৰ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হৈছে।

(৩) ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া। বিশেষকৈ জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই নৈপৰীয়া লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কোটি কোটি টকাৰ জিঅ বেগেৰে চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ধন মোকলাই দিছিল। ইতিমধ্যে কাম সম্পন্ন কৰা হৈছে যদিও জিঅ বেগৰ কাম সঠিক ভাৱে নোহোৱাৰ ফলত ব্ৰহ্মপুত্ৰত সামান্য জলপৃষ্ঠ বৃদ্ধি পোৱাত জিঅ বেগ সমূহ জাহ গৈ এইদৰে খহনীয়া আৰম্ভ গৈছে। সীমান্তৱৰ্তী এলেকাত হোৱা খহনীয়াৰ ফলত সীমান্ত সংযোগী পথ, কাইটীয়া তাৰৰ বেৰ আৰু বিএছএফ শিবিৰৰ প্ৰতি ভাবুকি আহিছে। ততকালীন ভাৱে খহনীয়া প্ৰতিৰোধৰ কাম নকৰিলে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হব বুলি নৈপৰীয়া ৰাইজে আংশকাত ভূগিছে।

(৪) ভোটগণনালৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকাৰ সময়ত আজি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন মানকাচৰত উপস্থিত হৈ কংগ্ৰেছৰ এজেণ্ট সকলক প্ৰশিক্ষণ প্ৰদান কৰে। ভোটগণনা কেন্দ্ৰত যাতে কোনো লোকে খেলিমেলি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি দিয়াৰ লগতে সকলো ক্ষেত্ৰতে সতৰ্ক হৈ থকাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে এজেণ্ট সকলক আহ্বান জনায়। ৰকিবুল হুছেইনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত জলেশ্বৰ বিধায়ক আফতাফ উদ্দীন মোল্লা, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ লগতে মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা জিলা সভাপতি ডাঃ মতিউৰ ৰহমান মণ্ডল উপস্থিত থাকে।

(৫)আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি জিলা স্বাস্থ্য বিভাগৰ পৰা ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়।  বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা যুটীয়া সেৱা স্বাস্থ্য সঞ্চালকৰ উদ্ধোগত জিলা খনৰ শতাধিক স্বাস্থ্য কৰ্মী আজি দিনৰ প্ৰায় ২ বজাত হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ এক বিশাল শোভাযাত্ৰা উলিয়াই সৰ্বসাধাৰণ লোকক ধপাতৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস চলোৱা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments