Tuesday, July 23, 2024
Google search engine
গৃহস্থানীয়মেঘালয়ত দক্ষিণ শালমাৰা আৰক্ষীক গো-মাফিয়াৰ আক্ৰমণ ! গ্ৰেপ্তাৰ এজন । সবিশেষ

মেঘালয়ত দক্ষিণ শালমাৰা আৰক্ষীক গো-মাফিয়াৰ আক্ৰমণ ! গ্ৰেপ্তাৰ এজন । সবিশেষ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা, ২৩ মে’- চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ অধীনস্থ আমপাৰীত যোৱা নিশা প্ৰায় ১২.৩০ বজাত দক্ষিণ শালমাৰা থানাক আৰক্ষীৰ অভিযানকাৰী দল এটাক গোমাফিয়াৰ দল এটাই আক্ৰমণ কৰি ২১ টা চোৰাং পশুধন কাঢ়ি নিয়াৰ লগতে এগৰাকী আৰক্ষীৰ হাবিলদাৰক অপহৰণ কৰি নিয়া ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে শুন্যলৈ ৰাবাৰৰ গুলী চলাই অপহৃত হাবিলদাৰক উদ্ধাৰ কৰে যদিও ডিএছপি সহ তিনি জন আৰক্ষী আহত হ’বলগীয়া হয়।

    প্ৰাপ্ত বাতৰি মতে, হাটশিঙিমাৰী জিলা আৰক্ষীৰ প্ৰবেচনত থকা ডিএছপি তথা দক্ষিণ শালমাৰা থানাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া নাইম উদ্দীনৰ নেতৃত্বত আৰক্ষীৰ বৃহত দল এটা যোৱা নিশা প্ৰায় ১২ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী হাজিৰহাটৰ টাকিমাৰীত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে টাকিমাৰী গাঁৱৰ পৰা ছয়নাল হক নামৰ গো মাফিয়া জনক কৰায়ত্ব কৰি তেওঁৰ ঘৰত মজুত কৰি ৰখা ২১ টা চোৰাং ম’হ জব্দ কৰে। ধৃত ছয়নাল সহ ম’হ কেইটা মেঘালয়ৰ আমবাৰী হৈ দক্ষিণ শালমাৰা থানালৈ আহি থকা অৱস্থাত প্ৰায় নিশা ১২.৩০ বজাত অতৰ্কিতে অভিযানকাৰী আৰক্ষীৰ দলটোক শতাধিক গোমাফিয়াৰ দল এটাই আক্ৰমণ কৰে। আৰক্ষীৰ হাতৰ পৰা জব্দ কৰা ম’হ কেইটা কাঢ়ি নিয়াৰ উপৰিও কৰ্ব্যত থকা হাবিলদাৰ দিন দয়াল শৰ্মাক অপহৰণ কৰি টানি চোচৰাই বহু দুৰলৈ লৈ যায়। উপায়হীন আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহু চেষ্টা চলায় যদিও গোমাফিয়াৰ দলটো আৰক্ষীক আক্ৰমণ কৰাত ডি.এছ.পি নাইম উদ্দীন কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক উদয় প্ৰতাব আহত হয়। ইফালে গোমাফিয়াৰ কবলত থকা হাবিলদাৰজনকো আক্ৰমণ কৰাত তেও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। গোমাফিয়াৰ দলটো তৰোৱাল, ডেগাৰ আদি উলিয়াই আক্ৰমণ কৰিবলৈ ধৰাত উপায়হীন হৈ আৰক্ষীৰ দলটো শূন্যলৈ কেবাজাই ৰাবাৰ গুলী চালনা কৰিবলৈ আৰম্ভ কৰে। এনেতে পৰিস্থিতি কিছু পৰিমানে শান্ত হোৱাত গোমাফিয়াৰ কবলৰ পৰা হাবিলদাৰ জনক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান হাবিলদাৰ জন চিকিতসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কৰায়ত্ব কৰা গোমাফিয়া জয়নাল হকক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰিছে। মেঘালয়ত এইদৰে অসম আৰক্ষীৰ অভিযানকাৰী দলটোক আক্ৰমণ কৰি পশুধন কাঢ়ি নিয়াৰ লগতে হাবিলদাৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনাক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষক হৰেন টকবী মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলা আৰক্ষী অধীক্ষক আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষীৰ অধীক্ষকৰ সৈতে টেলিফোনযোগে বিষয়টো অৱগত কৰিছে বুলি জানিব পৰা গৈছে। বিভিন্ন অভিযানৰ ক্ষেত্ৰত দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে মেঘালয় আৰক্ষীক সহযোগীতা কৰাৰ দৰে মেঘালয় আৰক্ষীয়ে দক্ষিণ শালমাৰা আৰক্ষীক সম্পূন্ন সহযোগ কৰি ঘটনাত জৰিত গোমাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলি জিলা আৰক্ষী অধীক্ষক হৰেন টকবীয়ে জানিবলৈ দিছে।

    লক্ষণীয় যে, দিনৰ ভাগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চোৰাং পশুধন সৰবৰাহ কৰাটো বিভিন্ন দিশৰ পৰা বাধাৰ সম্মুখীন হোৱাৰ ফলত গোমাফিয়া সকলে বিগত প্ৰায় কেবাবছৰ ধৰি চোৰাং কাৰবাৰৰ নতুন পথ মুকলি কৰি লৈছে। বিশেষকৈ মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ টিক্ৰিকিল্লা, ফুলবাৰী, ৰাজাবালী আৰু হেলিডেগঞ্জ থানা এলেকাধীন অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত দিনৰ ভাগত পশুধন জমা কৰা হয়। একাংশ লোকৰ ঘৰত গোমাফিয়া সকলে পশুধন কমা কৰাৰ বাবে বৃহত ধন আদায় দিয়ে। ইয়াৰ পাচত নিশা হলেও পশুধন খিনি মেঘালয়ৰ পৰা অসমলৈ আনি বিশেষকৈ সুখচৰ, দক্ষিণ শালমাৰা আৰু মানকাচৰ থানা এলেকায়েদি বাংলাদেশলৈ সৰবৰাহ কৰা হয়। বৰ্তমানে দক্ষিণ শালমাৰা আৰু সুখচৰ থানা এলেকাৰ অধীনত থকা উন্মক্ত নদী তথা চৰ সীমান্তয়েদি প্ৰতিদিনে জাকে জাকে পশুধন বাংলাদেশলৈ সৰবৰাহ হবলৈ ধৰিছে। দক্ষিণ শালমাৰা জিলা এলেকাত নিশাৰ ভিতৰতে গোমাফিয়া সকলে চোৰাং সৰবৰাহৰ সমগ্ৰ কাম সম্পন্ন কৰাৰ চেষ্টা চলায়। আৰক্ষীক মেনেজ কৰি গোমাফিয়া সকলে চোৰাং কাৰবাৰ চলোৱা বুলি অভিযোগ উঠি আহিলেও কেবামাহ পূৰ্বে নতুনকৈ জিলাখনত যোগদান কৰা প্ৰভেচনাল ডিএছপি নাইম উদ্দীনক দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব দিয়াৰ পাচত তেওঁ গোমাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। তাৰ মাজতেই যোৱা নিশা এইদৰে তেওঁৰ নেতৃত্বাধীন আৰক্ষীৰ দলটোক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ জিলাজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীক আক্ৰমণ কৰা ঘটনাক কোন গোমাফিয়া চক্ৰ জৰিত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments