Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কালাপানীত পকচো আইনৰ অধীনত দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

মানকাচৰৰ কালাপানীত পকচো আইনৰ অধীনত দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, কালাপানী, ২৩ মে’– দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষীয়ে যোৱা নিশা দুটা পৃথক অভিযানৰ জৰিয়তে দুটা পৃথক ঘটনাৰ দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে।  

    উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ১২ বজাত কালাপানী আৰক্ষীৰ দল এটা চিৰাখোৱা-কুটিঘাটত গাঁৱৰ প্ৰয়াত আব্দুৰ ৰহিমৰ পুত্ৰ মজনু সেখ (৩৩) ক কৰায়ত্ব  কৰাৰ লগতে নিশা প্ৰায় ১ বজাত মানুল্ল্যাপাৰাৰ বামুণপাৰা গাঁৱৰ জেল হকৰ পুত্ৰ বাবৰ আলী ওৰফে বাবু সেখ (২০)ক কৰায়ত্ব কৰে। প্ৰাপ্ত বাতৰি মতে, মজনু সেখ নামৰ অভিযুক্ত ধৰ্ষণকাৰীটো যোৱা ২০ মে’ত বিয়লিৰ ভাগত বজাৰলৈ যোৱা অৱস্থাত ৰাস্তাৰ পৰা ১৪ বছৰীয়া স্থানীয় এগৰাকী কিশোৰীক অপহৰণ কৰে। মজনুয়ে নিজৰ ঘৰত উৰে নিশা আৱদ্ধ কৰি ৰাখি কিশোৰীজনীক কেবাবাৰো ধৰ্ষণ কৰাৰ পাচত কিশোৰী গৰাকী অসুস্থ হৈ পৰে। ফলত মূমুৰ্ষ অৱস্থাত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত কিশোৰী গৰাকীত তাইৰ ঘৰৰ চোতালত আনি পেলাই থৈ যায়। ঘটনাক লৈ পৰিয়ালৰ লোকে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত পকচো আইৰ অধীনত আৰক্ষীয় মানকাচৰ থানাত ১২২/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰে। নিশা আৰক্ষীয়ে গাওঁখনত অভিযান চলাই অভিযুক্ত ধৰ্ষণকাৰী মজনু সেখক গ্ৰেপ্তাৰ কৰে।

    ইফালে বাবৰ আলী ওৰফে বাবু সেখ নামৰ অভিযুক্ত ধৰ্ষণকাৰীটো মানুল্ল্যাপাৰাৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি অভিযোগ পোৱা গৈছে। যোৱা সপ্তাহত ভূক্তভূগী কিশোৰী গৰাকীৰ পৰিয়ালে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে মানকাচৰ থানাত পকচো আইনৰ অধীনত ১১৬/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত চলায়। অভিযুক্ত ধৰ্ষণকাৰী বাবু সেখত যোৱা নিশা আৰক্ষীয়ে কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিছে।

    পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা দুই ধৰ্ষণকাৰীক আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments