Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়সুখচৰৰ বৰবালুত ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ নিখোজ ১২ বছৰীয়া কিশোৰ

সুখচৰৰ বৰবালুত ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ নিখোজ ১২ বছৰীয়া কিশোৰ

ডিজিটেল সংবাদ, সুখচৰঃ-দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৰবালুত আজি ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ এগৰাকী ১২ বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈ পৰিছে। উল্লেখযোগ্য যে, আজি বিদ্যালয় বন্ধ থকাৰ বাবে উৎকট গৰমৰ মাজত বৰবালু গাঁৱৰ এদল শিশু বহ্মপুত্ৰত গা ধূবলৈ যায়। সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীত গা ধূই থকা অৱস্থাত বৰাইটাৰী (তাতিপাৰা) গাঁৱৰ মুজাফ্ফৰ আলীৰ পুত্ৰ শ্বাকিৰুল ইছলাম হঠাৎ নিৰুদ্দেশ হৈ পৰে। লগে লগে বিষয়টো পৰিয়ালৰ লোক অৱগত হোৱাত আৰক্ষীক খবৰ দিয়ে। দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আজি সন্ধিয়া প্ৰায় ৬ বজালৈ এছডিআৰএফ বাহিনীয়ে অভিযান চলায় যদিও কিশোৰ ছাত্ৰ জনক উদ্ধাৰ কৰিব পৰা নাই। হঠাত ছাত্ৰজন এইদৰে ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ নিখোজ হৈ থকা ঘটনাক লৈ পৰিয়ালৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছা পেলাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments