Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ৰকিবুল হুছেইনৰ মত-বিনিময় সভা । সমষ্টি পুনঃ নিৰ্ধাৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

হাটশিঙিমাৰীত ৰকিবুল হুছেইনৰ মত-বিনিময় সভা । সমষ্টি পুনঃ নিৰ্ধাৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

জেছমিনাৰা পাৰভিন, হাটশিঙিমাৰীঃ- শনিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে হাটশিঙিমাৰীস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ সৈতে এক মত-বিনিময় সভাত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি মানকাচৰৰ কেবাটাও স্থানত কংগ্ৰেছ কৰ্মীৰ সৈতে মত বিনিময় কৰে।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত হাটশিঙিমাৰী ৰাজীৱ ভৱনৰ সম্মুখত শনিবাৰে দিনৰ প্ৰায় ১.৩০ বজাত কংগ্ৰেছৰ এক মত বিনিময় সভা অনুষ্ঠিত কৰা হয়। এই মত বিনিময় সভাত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দীন মোল্লা, ৰূপহীহাটৰ বিধায়ক নূৰুল হুদাৰ লগতে কেবাটাও বিধানসভা সমষ্টিৰ জেষ্ঠ্য কৰ্মীসকল উপস্থিত থাকে।

মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই মত বিনিময় সভাখনত উপস্থিত থকা বিধায়কদ্বয় ভাষণ দিয়াৰ পাচত ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নিজৰ ভাষণ প্ৰদান কৰে। ভাষণত ৰকিবুল হুছেইনে কয়- ধুবুৰী লোকসভা সমষ্টিত মুঠ ১১ টা বিধানসভা সমষ্টি আছে। য’ত ভোটাৰৰ সংখ্যা প্ৰায় ২৭ লাখ। অসমৰ ভিতৰত ধুবুৰী লোকসভা সমষ্টি সৰ্ববৃহৎ সমষ্টি । কোনোবাই ইচ্ছা কৰিলে এটা দিনত ধুবুৰী সমষ্টিত ঘূৰি শেষ কৰিব নোৱাৰিব। সমষ্টি পুনঃ নিৰ্ধাৰণ কৰিলে সমষ্টিসমূহ প্ৰায় সমান হ’ব লাগে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগত ব্যৱহাৰ কৰি সংবিধানৰ নিয়ম ভংগ কৰি ধুবুৰীৰ লোকক অন্যায় আৰু অবিচাৰ কৰিছে বুলি ৰকিবুল হুছেইনে দাবী কৰে।

তেওঁ আৰু কয়, অন্য লোকসভা সমষ্টিত ১৪/১৫ লাখ ভোটাৰৰ উন্নয়নৰ বাবে চৰকাৰে যি পুঁজি আৱণ্টন দিব ঠিক একেদৰে ধুবুৰী লোকসভা সমষ্টিৰ ২৭ লাখ ভোটাৰৰ বাবেও বাবেও একেখিনি পুঁজি আৱণ্টন দিব। অন্যসমষ্টিতকৈ দ্বিগুন ভোট থকা সমষ্টিৰে ধুবুৰী সমষ্টিৰ উন্নয়ন সঠিকভাৱে নহ’ব বুলি ৰকিবুল হুছেইনে দাবী কৰা পৰিলক্ষিত হয়।

সমষ্টি পুনঃ নিৰ্ধাৰণত চৰকাৰে ধূবুৰীবাসীৰ সৈতে কৰা অন্যায় অবিচাৰক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ দিয়া হৈছে। বৰ্তমানে গোচৰ চলি আছে । উচ্চতম ন্যায়ালয়ৰ পৰা ধুবুৰীবাসীয়ে ন্যায় পাব বুলিও ৰকিবুল হুছেইনে দাবী কৰে।

লক্ষণীয় যে, ৭ মে’ তাৰিখে নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত প্ৰাৰ্থী ৰকিবুল হুছেইন জিৰণি লোৱা নাই। জিৰণিৰ পৰিবৰ্তে তেওঁ প্ৰতিখন সমষ্টিৰ কৰ্মী আৰু ৰাইজৰ সৈতে মত বিনিময় কৰি গৈছে বুলি মত প্ৰকাশ কৰে।

সাধাৰণতে নিৰ্বাচনৰ সময়ত নেতাসকলে নিজৰ প্ৰচাৰৰ বাবে সমষ্টিৰ ঠায়ে ঠায়ে সভা সমিতি পাতে নিৰ্বাচনী প্ৰচাৰ চলায় যদিও ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন এইবাৰ আজমলক পৰাস্ত কৰিব বুলি প্ৰায় নিশ্চিত হৈ এইদৰে ব্যতিক্ৰম ধৰণেৰে নিৰ্বাচনৰ পাচতো ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন বিধানসভা সমষ্টিত উপস্থিত হৈ ৰাইজ আৰু কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

হাটশিঙিমাৰীত কংগ্ৰেছ কৰ্মীৰ সৈতে ৰকিবুল হুছেইনে মত বিনিময় সভাত উপস্থিত হোৱাৰ পাচত মানকাচৰৰ ঠাকুৰাণবাৰী, মানকাচৰ বজাৰ তথা আন কেবাটাও স্থানত মত বিনিময় সভাত অংশগ্ৰহণ কৰা দেখা যায়। হাটশিঙিমাৰী আৱৰ্ত ভৱনত শনিবাৰে নিশা তেওঁ আশ্ৰয় লোৱাৰ পাচত দেওবাৰে পুৱা ধুবুৰী চহৰলৈ ৰওনা হ’ব। ধুবুৰী সমষ্টিত প্ৰাৰ্থী ৰকিবুল হুছেইন কংগ্ৰেছ কৰ্মী সকলৰ সৈতেও মত বিনিময় সভা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments