Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ৬ টা গুৰুত্বপূৰ্ণ খবৰ একেলগে

মানকাচৰৰ ৬ টা গুৰুত্বপূৰ্ণ খবৰ একেলগে

(১) বিগত প্ৰায় ১২ বছৰ পূৰ্বে মানকাচৰৰ ভিতৰুৱা চৰাঞ্চল হাজিৰহাটত প্ৰায় ১ কোটি টকা ব্যায় সাপেক্ষে ৩০ খন বিচনাযুক্ত হাজিৰহাট নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। স্বাস্থ্য কেন্দ্ৰখনৰ নিৰ্মাণ কাৰ্য প্ৰায় ৫০ শতাংশ সম্পন্ন হোৱাৰ পাচত হঠাত আকস্মিক ভাৱে ঠিকাদাৰজনে কাম বন্ধ কৰি পলায়ন কৰে। তেতিয়াৰ পৰাই এই হাস্পাতালখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ আছে। অতিকৈ ভিতৰুৱা বৃহত্তৰ এই অঞ্চলৰ ৫০ সহস্ৰাধিক লোকে  হাস্পাতালখনৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল। বছৰ বছৰ ধৰি কামটো অৰ্ধনিৰ্মিত হৈ থকাৰ পাচতো বিভাগীয় ভাৱে হাস্পাতালখন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। হাজিৰহাটৰ এই ৩০ খন বিচনাযুক্ত নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য অৰ্ধনিৰ্মিত কেন্দ্ৰখন পুনৰ নিৰ্মাণৰ বাবে ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

(২) মানকাচৰৰ বাঘাপাৰাত আজি এখন বালি ভৰ্তি পিক ভান দূৰ্ঘটনাগ্ৰস্ত হোৱাত দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত দুয়োক বাঘাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে।

(৩)হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ জৰিয়তে মানকাচৰৰ কৃষক সকলে লাভ কৰা আঁচনি সমূহ পৰ্যবেক্ষণৰ বাবে অসম ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দল এটা মানকাচৰত উপস্থিত হৈ কৃষকৰ সৈতে পথাৰে পথাৰে মত বিনিময় কৰে। অসম ৰাজ্যিক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন বিষয়া দিগন্ত বৰুৱা, কণিষ্ঠ উন্নয়ন বিষয়া নৱজিৎ পাঠগিৰিৰ লগতে জিলা কৃষি বিভাগৰ কেবাগৰাকী বিষয়া মানকাচৰৰ সোনাপুৰৰ আমিনুল ইছলাম নামৰ কৃষক জনৰ খেতিত সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰে।

(৪) মানকাচৰৰ সোনাপুৰৰ আমিনুল ইছলাম নামৰ কৃষক জনে এইবেলি ৮ বিঘা ভূমিত মৰাপাট, ভেণ্ডী, ভোল আৰু বেঙেনা খেতি কৰিছে। কৃষি বিভাগৰ পৰা মৰাপাট খেতি কৰাৰ বাবে কৃষক জনক বীজ আৰু ঔষদ বিতৰণ কৰা হৈছে। কিন্তু উৎকট গৰমৰ মাজত বৰষুণ নোহোৱাৰ ফলত কৃষক জনে আশা কৰা ধৰনে ফচল উৎপাদন নোহোৱাত এইবাৰ কৃষকজনে লোকচানৰ সম্মুখীন হব বুলি শংকাত ভূগিছে। বিশেষকৈ বৰষুণ নোহোৱাৰ ফলত আমিনুলৰ প্ৰায় দুই বিঘা বেঙেনা খেতিত পোকে আক্ৰমণ কৰিছে। পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কৃষি বিভাগে পৰামৰ্শ আৰু ঔষধ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

(৫) দেশ তথা ৰাজ্যত বিজেপি চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আমছুয়ে আজি চৰকাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ গৈ মুখ্যমন্ত্ৰী নিজৰ ৰাজ্যৰ প্ৰজাক অশান্তিত ৰাখি বহি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা বুলি জিলা আমছুয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

(৬) উৎকট গৰম আৰু প্ৰচণ্ড ৰদৰ মাজত মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী দিয়াৰাত পথাৰত কাম কৰি থকা চান মিঞা নামৰ শ্ৰমিক এজন হঠাত অসুস্থ হৈ পৰে। লগে লগে ৪৫ নং বেটেলিয়ান বিএছএফ বাহিনীৰ দিয়াৰা শিবিৰৰ উপ পৰিদৰ্শক আম্বিকা প্ৰসাদ ঘটনাস্থলীত উপস্থিত হৈ কৃষক জনক পথাৰৰ পৰা উদ্ধাৰ কৰি বিএছএফৰ বাহনেৰে পাশ্বৱৰ্তী গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। সম্প্ৰতি কৃষকজন সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments