Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ৫ টা খবৰ একেলগে

মানকাচৰৰ ৫ টা খবৰ একেলগে

(১) প্ৰায় এশজনীয়া গোমাফিয়াৰ আক্ৰমণত দক্ষিণ শালমাৰাৰ এগৰাকী ডিএছপি, আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক আৰু এজন হাবিলদাৰ আহত হোৱা ঘটনাই দক্ষিণ শালমাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে প্ৰভেচনত থকা ডিএছপি নাইম উদ্দীনৰ নেতৃত্বত দক্ষি্ণ শালমাৰাৰ আৰক্ষীৰ দল এটা যোৱা নিশা প্ৰায় ১২ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী টাকিমাৰীত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে টাকিমাৰীৰ পৰা ছয়নাল হক নামৰ গোমাফিয়া জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ২১ টা পশুধন জব্দ কৰে। পশুধন সহ ছয়নালক মেঘালয় পথেৰে দক্ষিণ শালমাৰা থানালৈ অনা অৱস্থাত নিশা প্ৰায় ১২.৩০ বজাত পশ্চিম গাৰো পাহাৰ জিলাৰ আমবাৰীত আৰক্ষীক প্ৰায় এশজনীয়া গোমাফিয়াৰ দলে আক্ৰমণ কৰে। গোমাফিয়াৰ দলটো চোৰাং পশুধন কেইটা কাঢ়ি নিয়াৰ লগতে হাবিলদাৰ দিন দয়াল শৰ্মাক অপহৰণৰ চেষ্টা চলায়। আৰক্ষীয়ে বাধ্য হৈ শুন্যলৈ ৰবাৰৰ গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি হাবিলদাৰ জনক গোমাফিয়াৰ কবলৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাত হাবিলদাৰ দিন দয়াল শৰ্মা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আৰক্ষীৰ উপ পৰিদৰ্শক উদয় প্ৰতাব আৰু ডিএছপি নাইম উদ্দীন কিছু পৰিমানে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

(২) মেঘালয়ত দক্ষিণ শালমাৰা আৰক্ষীক গোমাফিয়াই কৰা আক্ৰমণৰ ঘটনাক লৈ হাটশিঙিমাৰীৰ জিলা আৰক্ষী অধীক্ষক হৰেন টকবী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষী অধীক্ষকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে। দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযানৰ ক্ষেত্ৰত হাটশিঙিমাৰী জিলা আৰক্ষী মেঘালয় আৰক্ষীক সহযোগ কৰি আহিছে। এইবাৰ দক্ষিণ শালমাৰা আৰক্ষীক মেঘালয় আৰক্ষীয়ে সম্পূৰ্ণ সহযোগ কৰি গোমাফিয়াক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ অভিযান চলাব বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে।

(৩) ভাৰত-বাংলাদেশ সীমান্তয়েদি পশুধনৰ চোৰাং কাৰবাৰ পুনৰ তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বৃদ্ধি হলে প্ৰতিবছৰে গোমাফিয়া সকলে চোৰাং কাৰবাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হয়। যোৱা নিশা গোমাফিয়াই আৰক্ষীক আক্ৰমণ কৰা ঘটনাত চোৰাং কাৰবাৰ বৃদ্ধি পোৱা কাৰ্য স্পষ্ট হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে এনে গোমাফিয়াৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব। মন কৰিবলগীয়া যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উন্মক্ত নদী তথা চৰ সীমান্তয়েদি পশুধনৰ চোৰাং কাৰবাৰ দীৰ্ঘদিনে চলি আহিছে যদিও চৰকাৰে এনে চোৰাং কাৰবাৰ নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ অহা পৰিলক্ষিত হৈছে।

(৪)মানকাচৰৰ কালাপানীত আৰক্ষীয়ে আজি পকচো আইনৰ অধীনত দুই নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, কালাপানীৰ চিৰাখোৱা-কুটিৰঘাট এলেকাত আৰক্ষীয়ে মজনু শেখ নামৰ ৩৩ বছৰীয়া অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মানুল্লাপাৰাৰ বামুণপাৰা এলেকাৰ পৰা বাবু শেখ নামৰ ২০ বছৰীয়া আন এজন অভিযুক্ত ধৰ্ষণকাৰীক যোৱা নিশা কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিছে। মজনু শেখ এগৰাকী ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পাছত মাজনিশা ঘৰৰ চোতালত কিশোৰী গৰাকীক পেলাই থৈ যোৱাৰ লগতে বাবু শেখ ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল কৰিছিল। দুয়োক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

(৫)সুখচৰ থানা এলেকাৰ অধীনস্থ বৰবালুত আজি ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ এগৰাকী ১২ বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈ পৰিছে।

    উল্লেখযোগ্য যে, আজি বিদ্যালয় বন্ধ থকাৰ বাবে উৎকট গৰমৰ মাজত বৰবালু গাঁৱৰ এদল শিশু বহ্মপুত্ৰত গা ধূবলৈ যায়। সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীত গা ধূই থকা অৱস্থাত বৰাইটাৰী গাঁৱৰ মুজাফ্ফৰ আলীৰ পুত্ৰ শ্বাকিৰুল ইছলাম হঠাৎ নিৰুদ্দেশ হৈ পৰে। লগে লগে বিষয়টো পৰিয়ালৰ লোক অৱগত হোৱাত আৰক্ষীক খবৰ দিয়ে। দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আজি সন্ধিয়া প্ৰায় ৬ বজালৈ এছডিআৰএফ বাহিনীয়ে অভিযান চলায় যদিও কিশোৰ ছাত্ৰ জনক উদ্ধাৰ কৰিব পৰা নাই। হঠাত ছাত্ৰজন এইদৰে ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ নিখোজ হৈ থকা ঘটনাক লৈ পৰিয়ালৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments