Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ভোটদানৰ হাৰ ৯০.১০ শতাংশ

মানকাচৰত ভোটদানৰ হাৰ ৯০.১০ শতাংশ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত মানকাচৰ বিধানসভা সমষ্টিত ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। কিন্তু কোনো কোনো ভোটগ্ৰহণ কেন্দ্ৰ কিছু সমস্যাই দেখা দিয়ে। দুপৰীয়া প্ৰায় ৩বজাত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ১৩৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ থকাৰ বাবে বিয়লি ৬বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ থাকে।

অৱশ্যে জিলা প্ৰশাসনৰ তৎপৰতাত ইভিএম সলনি কৰি বিয়লি প্ৰায় ৬বজাত পুনৰ ভোটদান আৰম্ভ কৰা হয়। বিয়লি ৩বজাৰ পৰা ৬বজালৈ প্ৰায় ৪ শতাধিক লোক ভোটদানৰ বাবে অপেক্ষাৰ অন্তত দ্বিতীয় বাৰৰ বাবে ভোটগ্ৰহন আৰম্ভ হোৱাত নিশা ১০.৩০ বজাৰ ভিতৰত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ পৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জিলাখনত ৯০.১০ শতাংশ ভোটদান সম্পন্ন হৈছে।

বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে ভোটদান কৰে। কেইবাতৰপীয়া নিৰাপত্তাৰ মাজত জিলাখনত থকা ৭৪ টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰতো সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ কৰা হৈছে।

মন কৰিবলগীয়া যে জিলাখনত মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। একেদৰে ৬টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ভোটাৰসকলে ভোটদান কৰাৰ পাচত বুঢ়া আঙুলিৰ ছাপেৰে গণতন্ত্ৰণৰ বৃক্ষ শক্তিশালী কৰা দেখা যায়। তদুপৰি এখন বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু চৰ এলেকাত থকা তিনিখন ভোটগ্ৰহণ কেন্দ্ৰতো শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments