Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়৯২.০৫ শতাংশ ভোটদানেৰে অভিলেখ গঢ়িলে মানকাচৰ

৯২.০৫ শতাংশ ভোটদানেৰে অভিলেখ গঢ়িলে মানকাচৰ

কালি শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভোটাৰ সকলে ৯২.০৫ শতাংশ ভোটদান কৰি ৰাজ্যৰ ভিতৰত জিলাখনে অভিলেষ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, ভাৰত-বাংলদেশ সীমান্তৱৰ্তী জিলাখনত প্ৰতিটো নিৰ্বাচনত ভোটদানৰ হাৰ ৯০ শতাংশৰ ওপৰত হৈ অহা পৰিলক্ষিত হয়। এইবাৰো জিলাখনত ভোটদানৰ হাৰ ৯২.০৫ শতাংশ। জিলাখনত থকা একমাত্ৰ ১১ নং মানকাচৰ বিধানসভা সমষ্টিত ২৯৯১৯২ গৰাকী ভোটাৰৰ বিপৰীতে ২৭৫৪২০ গৰাকী ভোটাৰে ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছ । ইয়াৰে ১৫০৮৯৪ গৰাকী পুৰুষ ভোটাৰৰ ভিতৰত ১৩৯১০৩ গৰাকী ভোটাৰে ভোটধিকাৰ সাব্যস্ত কৰে। একেদৰে ১৪৮২৯৪ গৰাকী মহিলা ভোটাৰৰ ভিতৰত ১৩৬৩১৬ গৰাকী ভোটাৰে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰে। জিলাখনত তৃতীয় লিংকৰ ভোটাৰৰ সংখ্যা ৪ টা । তাৰে এজনে ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। জিলাখনত ৯২.১৯ শতাংশ পুৰুষ ভোটাৰে ভোটদান কৰাৰ বিপৰীতে ৯১.৯২ শতাংশ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰাত পুৰুষ আৰু মহিলা ভোটদানৰ হাৰ প্ৰায় সমানে হোৱা পৰিলক্ষিত হৈছে। সৰ্বমুঠ ৯২.০৫ শতাংশ ভোটদানেৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাখনে অসমৰ ভিতৰত অভিলেষ গঢ়িবলৈ সক্ষম হৈছে। পূৰ্বেও জিলাখনৰ মানকাচৰ বিধানসভা সমষ্টি ভোটদানৰ ক্ষেত্ৰত অভিলেষ গঢ়ি অহা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments