Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ১০৪ টা ভোটগ্ৰহনকাৰী বিষয়াৰ দলক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ

হাটশিঙিমাৰীত ১০৪ টা ভোটগ্ৰহনকাৰী বিষয়াৰ দলক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ

ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ বাবে হাটশিঙিমাৰী আজি ১০৪ গ্ৰুপ প্ৰিজাইডিং আৰু প’লিং বিষয়াক তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্ধোগত ২নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মানকাচৰ বিধানসভা সমষ্টিত অহা ৭ মে’ তাৰিখে ৩৪৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহনৰ হাটশিঙিমাৰী জিলা প্ৰশাসনে প্ৰস্তুতি তুংগত তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলা খনৰ মুঠ ৪১৬ গ্ৰুপ (দল) ভোটগ্ৰহনকাৰী বিষয়াক ভোটগ্ৰহনৰ বাবে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰতিখন গ্রুপত এজন প্ৰিজাইডিং বিষয়াৰ লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়া সহ মুঠ চাৰিজনীয়া দলে আৰক্ষী-নিৰাপত্তাক্ষীৰ সহযোগত সুকলমে ভোটগ্ৰহন কৰিবলৈ জিলা প্ৰশাসনে দুটা পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ পাছত আজিৰ পৰা তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। ৪১৬ গ্ৰুপ ভোটগ্ৰহনকাৰী বিষয়া সকলৰ ভিতৰত আজি ১০৪ গ্ৰুপ ভোটগ্ৰহনকাৰী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণত প্ৰিজাইডিং আৰু প’লিং বিষয়া সকলক পৃথকে প্ৰশিক্ষণ দিয়া হৈছিল। আজি ভোটগ্ৰহনকাৰী দলক একেলগে চাৰিজনীয়া গ্ৰুপ হিচাপে ভোটগ্ৰহনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

তৃতীয় পৰ্যায়ৰ এই প্ৰশিক্ষণত আজি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা অতিৰিক্ত আয়ুক্ত ৰিপুন জ্যোতি নাথ, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কোস্তব দাসৰ লগতে কেবাগৰাকী বিষয়া উপস্থিত থাকি প্ৰশিক্ষণ কাৰ্য্য পৰ্যবেক্ষণ কৰে।

কাইলৈ আন ১০৪ গ্ৰুপ ভোটগ্ৰহনকাৰী বিষয়াক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত ২৮ আৰু ২৯ এপ্ৰিল তাৰিখে বাকী থকা ভোটগ্ৰহনকাৰী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

লক্ষণীয় যে প্ৰশিক্ষণ লাভ কৰা মুঠ ১৬৬৪ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ ভিতৰত ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰত ১৩৮৮ জন প্ৰিজাইডিং আৰু প’লিং বিষয়াই ভোটগ্ৰহনকাৰী বিষয়া হিচাপে নিয়োজিত হৈ থাকিব। বাকী ২৭৬ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ত ৰিজাৰ্ভত উপলব্ধ থাকিব বুলি জিলা প্ৰশাসনৰ পৰা জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments