Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কুচনিমাৰাত অগ্নিকাণ্ড । ৫লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি

মানকাচৰৰ কুচনিমাৰাত অগ্নিকাণ্ড । ৫লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ কুচনিমাৰাত আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত বিদ্যুত বিজুতি ঘটি এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কুচনিমাৰা গাঁৱৰ মনিৰুল ইছলাম নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত লোকজনৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত ঘৰৰ ভিতৰত থকা সামগ্ৰী সহ প্ৰায় ৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়। অগ্নিকাণ্ডৰ লগে লগে স্থানীয় ৰাইজে মানকাচৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ লগে লগে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত গাওঁখনৰ আন একাংশ লোকৰ বাসগৃহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments